নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা ইৰানৰ

বাগদাদত ইৰানৰ জেনেৰেল কাছিম ছোলেইমানীক হত্যাত অভিযুক্ত

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ বিশ্বৰ সবাতোকৈ শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে ইৰান চৰকাৰে৷ ইৰানৰ শীর্ষ সামৰিক বিষয়া জেনেৰেল কাছিম ছোলেইমানীক বাগদাদত ড্রোনেৰে আক্রমণ কৰি হত্যা কৰাৰ অপৰাধত মার্কিন ৰাষ্ট্রপতি ট্রাম্পলৈ ইৰানে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷

চৰকাৰে প্রকাশ কৰা মতে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে মার্কিন ৰাষ্ট্রপতিগৰাকীক গ্রেপ্তাৰৰ ক্ষেত্রত সহায় কৰিবলৈ ইণ্টাৰপ’লক আহ্বান জনাইছে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পিছৰে পৰা ইৰান আৰু আমেৰিকাৰ মাজত সংঘাত তীব্রতৰ হৈ আছে৷ তেহৰানৰ সৈতে পাৰমাণৱিক চুক্তি মার্কিন ৰাষ্ট্রপতি ট্রাম্পে প্রত্যাহাৰ কৰাৰ পিছতেই দুয়ো দেশৰ মাজত সংঘাত তীব্রতৰ হৈছে৷

ইৰানৰ আইনজীৱী আলী আলকাছিমেহৰে প্রকাশ কৰা মতে ৰাষ্ট্রপতি ট্রাম্পৰ উপৰি আন ৩০জনক যোৱা ৩ জানুৱাৰীত বাগদাদত জেনেৰেল কাছিম ছোলেইমানীক হত্যাৰ অপৰাধত অভিযুক্ত কৰা হৈছে৷

অভিযুক্তসকলৰ বিৰুদ্ধে হত্যা আৰু সন্ত্রাসবাদৰ গোচৰ ৰুজু কৰা হৈছে৷ আমেৰিকাৰ ৰাষ্ট্রপতিক গ্রেপ্তাৰ কৰাটো অসম্ভৱ যদিও গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা ইৰানে ট্রাম্পৰ ৰাষ্ট্রপতিৰ কার্যকাল শেষ হোৱাৰ পিছত এই আইনী প্রক্রিয়াৰ জৰিয়তে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনাক নুই কৰা নাই৷ মার্কিন ৰাষ্ট্রপতিৰ বিৰুদ্ধে ইৰানে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰাটো বিশ্বজুৰি চর্চাৰ বিষয় হৈছে৷

You might also like