নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা বিতর্ক

  • ড০ জয়ন্ত বিশ্ব শর্মা

শেহতীয়াকৈ ৰাজ্যৰ একাংশ সংবাদ মাধ্যমে ‘ক’ৰোনা ভুৱা’ শিৰোনামেৰে নতুন এটা চাঞ্চল্য কৰিবলৈ প্রয়াস কৰিছে৷ একাংশ সংবাদ মাধ্যমৰ অল্প–ৱগত নাটকীয় বাতৰিয়ে সকলোকে বিভ্রান্ত আৰু বিপথে পৰিচালিত কৰি আহিছে৷ আজি মূল কথাটো হৈছে ভয়ৰ পৰিৱর্তে ক’ৰোনা পৰিস্থিতিৰ সৈতে কেনেধৰণে উপযুক্তভাৱে মোকাবিলা কৰি জনজীৱন যথাসম্ভৱ নিয়মীয়াকৈ চলাই ৰাখিব পাৰি৷ মই ক’ৰোনা সন্দর্ভত মোৰ বৃত্তিগত অভিজ্ঞতা আৰু দক্ষতাৰ ভিত্তিত প্রথমৰে পৰা পর্যবেক্ষণ আৰু বিশ্লেষণ আগবঢ়াই আহিছোঁ৷ অলপতে মই সামাজিক মাধ্যমত লিখা এটা বিশ্লেষণ আমাৰ অসম’ নামৰ কাকতখনে অনুমতি অবিহনে তাতোকৈ গর্হিত বিকৃত ৰূপত আন এজনৰ মতামতৰ পৰিপূৰক হিচাপে প্রকাশ কৰি চাঞ্চল্য সৃষ্টিৰ প্রয়াস কৰিছে৷ মোক হঠাতে কাকতখনে বিখ্যাত সজাইছে, অথচ ইতিপূর্বে এই বিষয়ে কোনো মতামত কাকতখনে মোৰ পৰা বিচৰাৰ নজিৰ নাই৷ সি যি কি নহওক এই তাগিদাতে মই এটা গুৰুত্বপূর্ণ বিষয় উত্থাপন কৰি বিশ্লেষণ দিবলৈ প্রয়াস কৰিছোঁ৷ ইতিপূর্বে ২ মে’ত এইখিনি মই সামাজিক মাধ্যমত লিখিছিলোঁ৷ কিন্তু আজি ইয়াৰ প্রাসংগিকতা বাঢ়িছে৷ আমাৰ দৰে লোকৰ লিখাৰ উদ্দেশ্য এটাই– ৰাইজক বিষয় এটা বস্তুনিষ্ঠভাৱে অৱগত কৰোৱা, যাতে সুস্থ জনমত গঢ়াত সহায়ক হয়, আৰু সেই অনুৰূপে জনহিতার্থে চৰকাৰী নীতি হয়৷ ই এক সামান্য প্রচেষ্টা৷

বাস্তৱ ক্ষেত্রত ঘটনা একোটা বগা–ক’লাৰ দৰে স্পষ্ট নহয়৷ বেমাৰ নির্ণয় কৰাৰ ক্ষেত্রত আমি ধাৰণা কৰোঁ যে ৰোগ নির্ণায়ক পৰীক্ষা (তেজৰ পৰীক্ষা বা এক্স ৰে’ বা স্কেন) একোটাই ৰোগ আছে বা নাই স্পষ্টকৈ নির্ধাৰণ কৰি দিয়ে৷ ডাক্তৰে কোনটো পৰীক্ষা কৰিব লাগে ধৰি দিলেই হ’ল৷ আজিকালি ইমান প্রযুক্তি আৰু সূক্ষ্ম পৰীক্ষা ওলাইছে যে ৰোগ নির্ণয় অতি সহজ৷ তুলনামূলকভাৱে ৰোগ নির্ণয় নিশ্চয় সহজ হৈছে৷ তথাপি ৰোগ নির্ণয়কাৰী পৰীক্ষা একোটাই বগা–ক’লাৰ দৰে স্পষ্ট উত্তৰ দিব নোৱাৰে৷ তেতিয়া ডাক্তৰে দ্বিতীয় এটা পৰীক্ষা কৰে, আনকি তাৰ পিছতো নিজস্ব বিবেচনা প্রয়োগ কৰিহে এটা সিদ্ধান্তত উপনীত হয়৷

প্রতিটো ৰোগ নির্ণায়ক পৰীক্ষাৰ ‘সংবেদনশীলতা’(Sensitivity) আৰু ‘নির্দিষ্টতা’(Specificity)ৰ নিজস্ব হাৰ থাকে, যেনে– ক্রমে ৯৯.৯ শতাংশ আৰু ৯৯.৫ শতাংশ৷ কোনো ৰোগ নির্ণায়ক পৰীক্ষাই একে সময়তে ১০০ শতাংশ সংবেদনশীল আৰু ১০০ শতাংশ নির্দিষ্ট হ’ব নোৱাৰে৷ যদি আমি পৰীক্ষাটো ১০০ শতাংশ ‘সংবেদনশীল’ কৰিব বিচাৰিছোঁ, তেনেহ’লে ইয়াৰ ‘নির্দিষ্টতা’ হ্রাস হ’ব৷ ঠিক তেনেদৰে যদি নির্দিষ্টতা বঢ়াব খোজোঁ, তেনেহ’লে ‘সংবেদনশীলতা’ হ্রাস হ’ব৷ ই এক বিডম্বনা, কিন্তু ধ্রুৱসত্য৷

ক’ভিড–১৯ নির্ণায়কRT-PCR পৰীক্ষাবোৰৰ ‘সংবেদনশীলতা’ আৰু ‘নির্দিষ্টতা’ৰ কিছু তাৰতম্য আছে৷ অনুজ্ঞা লাভৰ বাবে আবেদন কৰোঁতে দিব লগা ফলমতে লেবৰেটৰীৰ আদর্শ পৰিস্থিতিত ক’ভিড–১৯ নির্ণায়কRT-PCRবোৰ প্রায় এশ শতাংশ শুদ্ধ হয়৷ কিন্তু আদর্শ অৱস্থা আৰু বাস্তৱ পৰিস্থিতিৰ মাজত পার্থক্য বহু বেছি৷ ক’ৰ পৰা, কেনেকৈ নমুনা লোৱা হৈছে আৰু পৰীক্ষা কৰা লেবৰেটৰীটোৰ দক্ষতা ইত্যাদি বহু কাৰক ফলটোৰ শুদ্ধাশুদ্ধৰ সৈতে জড়িত হৈ থাকে৷ কিন্তু পৰীক্ষাটোৰ ফলটো সঠিক হোৱাটোৱে একমাত্র কথা নহয়৷ বাস্তৱ পৃথিৱীত ৯৯.৯ শতাংশ ‘সংবেদনশীলতা’ আৰু ৯৯.৫ শতাংশ ‘নির্দিষ্টতা’ থকা এটা পৰীক্ষা, যিটো অতি বিৰল, ডাক্তৰৰ বাবে সপোন, তেনেধৰণৰ পৰীক্ষা এটাৰো ফল ব্যাখ্যা কৰাৰ প্রয়োজন৷ এই ব্যাখ্যা কৰা হয় ৰোগবিধৰ প্রাদুর্ভাৱ কিমান তাৰ ওপৰত ভিত্তি কৰি৷ পৰীক্ষাটোৱে ৰোগ নির্ধাৰণ নকৰে, বৰং ইয়াৰ পজিটিভ বা নিগেটিভ ফলটোৱে পূর্বে অনুমান কৰা ৰোগবিধৰ সম্ভাৱনা বৃদ্ধি বা হ্রাস কৰে৷

‘সংবেদনশীলতা’ হৈছে পৰীক্ষাটোৰ সঁচাকৈ ৰোগটো থকা এজন লোকক এৰি নিদিয়াৰ সামর্থ্য৷ ১০০ শতাংশ সংবেদনশীল এটা পৰীক্ষাই প্রতিজন ৰোগ থকা লোকক বাছি উলিয়াব৷ ৯৯ শতাংশ ‘সংবেদনশীলতা’ৰ পৰীক্ষা এটাই ১০০জন ৰোগ থকাৰ ভিতৰত ৯৯জনক বাছি উলিয়াব, এজনক বিচাৰি নাপাব৷ অর্থাৎ অতি সংবেদনশীল পৰীক্ষা এটাত যদি ‘নিগেটিভ’ ফল ওলায়, তেনেহ’লে সেইটো ভৰসাযোগ্য, কাৰণ অতি কমসংখ্যকহে মিছা নিগেটিভ ওলাব৷ কিন্তু ইয়াৰ বিপৰীতটো সত্য নহ’ব পাৰে৷ অর্থাৎ প্রতিজন পজিটিভ ফল ওলোৱা ৰোগীৰ সঁচাকৈ যে ৰোগটো আছে তাৰ নিশ্চয়তা ‘সংবেদনশীলতা’ই দিব নোৱাৰে৷ সেইটো জানিবলৈ আমি পৰীক্ষাটোৰ নির্দিষ্টতা কিমান জানিব লাগিব৷ নির্দিষ্টতাও যদি ১০০ শতাংশ তেনেহ’লে সেইটো এটা আদর্শ পৰীক্ষা৷ কিন্তু বাস্তৱত ১০০ শতাংশ সংবেদনশীল আৰু ১০০ শতাংশ নির্দিষ্ট পৰীক্ষা অসম্ভৱ৷ নির্দিষ্টতা হৈছে প্রকৃততে ৰোগ থকাজনক সঠিককৈ বিচাৰি উলিওৱাৰ ক্ষমতা৷ ৯৯ শতাংশ নির্দিষ্ট পৰীক্ষা এটাই ১০০জনৰ ভিতৰত ৯৯জনক ৰোগটো থকা বুলি সঠিককৈ নির্ধাৰণ কৰিব৷ কিন্তু এজনৰ ক্ষেত্রত ভুল কৰিব৷ মিছাকৈ ৰোগটো থকা বুলি ক’ব৷ মুঠতে যিমানে সংবেদনশীল হয়, পৰীক্ষা এটাৰ ‘নিগেটিভ’ ফল সিমানে ভৰসাযোগ্য হয় আৰু যিমানে নির্দিষ্ট হয়, সিমানে ‘পজিটিভ’ ফলটো ভৰসাযোগ্য হয়৷ সেয়ে পৰীক্ষা এটাৰ ‘সংবেদনশীলতা’ আৰু ‘নির্দিষ্টতা’ দুয়োটা যিমানে বেছি হয় সিমানে ভাল৷ যিহেতু ১০০ শতাংশ সংবেদনশীল আৰু ১০০ শতাংশ নির্দিষ্ট পৰীক্ষা অসম্ভৱ, সেয়ে প্রয়োজন অনুসৰি ‘সংবেদনশীলতা’ আৰু নির্দিষ্টতাৰ মাজত ‘কম্প্রমাইজ’ কৰা হয়৷

কেতিয়াবা আমি ‘সংবেদনশীলতা’ক অধিক গুৰুত্ব দিওঁ, যেতিয়া আমি মিছা ‘নিগেটিভ’ ওলোৱাটো নিবিচাৰোঁ৷ যেনে– ‘স্ক্রীনিং’ টেষ্টবিলাক–যেতিয়া আমি লক্ষণ ধৰা দিয়াৰ পূর্বেই কোনো এটা ৰোগৰ বীজাণু নির্ণয় কৰিব বিচাৰোঁ বা কেঞ্চাৰ লক্ষণৰ পূর্বেই ধৰা পেলাব বিচাৰোঁ৷ কাৰণ আমি এজনো বীজাণু থকা বা কেঞ্চাৰৰ আৰম্ভণি হোৱা লোকক ধৰা নপৰাকৈ পাৰ হৈ যোৱাটো নিবিচাৰোঁ৷ কিন্তু পৰীক্ষাটো সংবেদনশীল কৰি তুলিবলৈ যাওঁতে উচ্চ হাৰৰ নির্দিষ্টতা ধৰি ৰাখিব পৰা নাযায়৷ সেয়ে স্ক্রীনিং টেষ্টত ‘পজিটিভ’ ওলালে এটা সংশয় থাকে যে সঁচা ‘পজিটিভ’ হয়তো, নে মিছা ‘পজিটিভ’৷ সেয়ে দ্বিতীয় এটা উচ্চ ‘নির্দিষ্টতা’ থকা পৰীক্ষা কৰাটো প্রয়োজনীয়৷ কাৰণ যদি মিছা ‘পজিটিভ’ ওলাইছে, তেনেহ’লে দ্বিতীয় নির্দিষ্ট পৰীক্ষাটোত ‘নিগেটিভ’ ওলাব৷ এই দ্বিতীয় পৰীক্ষাটোক ‘কনফার্মেটৰী’ টেষ্ট বুলি কোৱা হয়৷ ইয়াৰ বিপৰীতে আমি যেতিয়া নির্দিষ্ট ৰোগৰ লক্ষণ থকা এজন ব্যক্তিক সেই ৰোগ নির্ণায়ক পৰীক্ষাটো কৰোঁ, তেতিয়া আমি উচ্চ হাৰৰ নির্দিষ্টতা থকা ‘টেষ্ট’ বিচাৰোঁ, যাতে ‘পজিটিভ’ ফলটো মিছা ‘পজিটিভ’ হোৱাৰ সংশয় নাথাকে৷

ডাক্তৰৰ বাবে এই ধৰণৰ বিবেচনা প্রায় ক্ষেত্রতে ই জটিল নহয়৷ ই সহজাতভাৱে আহে৷ যদি অনুমান কৰা ৰোগবিধ থকাৰ সম্ভাৱনা পৰীক্ষাটোৰ পূর্বে বেছি, তেনেহ’লে পজিটিভ ফলটোৱে ইয়াক প্রায় নির্ধাৰণ কৰে৷ কিন্তু নিগেটিভ ফলটোৱে আমাক সম্পূর্ণ আশ্বস্ত কৰিব নোৱাৰে৷ তেতিয়া ডাক্তৰে আন এটা পৰীক্ষা কৰে বা আন ধৰণে সিদ্ধান্তত উপনীত হ’বলৈ চেষ্টা কৰে৷ ইয়াৰ বিপৰীতে যদি পৰীক্ষাৰ পূর্বে অনুমান কৰা ৰোগবিধৰ সম্ভাৱনা কম আৰু আমি নিগেটিভ ফল পাইছোঁ, তেনেহ’লে ডাক্তৰজন বেমাৰ নাই বুলি আশ্বস্ত হয়৷ কিন্তু যদি পজিটিভ ফল পায়, তেওঁ সেই ফলটো থিতাতে গ্রহণ নকৰে৷ তেওঁ সেই পজিটিভ ফলটো যে ‘মিছা পজিটিভ’ নহয়, সেই সম্পর্কে আশ্বস্ত হ’বলৈ দ্বিতীয় এটা পৰীক্ষা কৰিবলৈ দিয়ে৷

পৰীক্ষাটোৰ ফল সঠিক হ’লেও ৰোগবিধ থকা বা নথকাৰ যি পূর্বানুমান, সেইটো সাপেক্ষেহে ফলটো ব্যাখ্যা কৰা হয়৷ এইখিনি সহজাতভাৱে বুজা কঠিন, কিন্তু জীৱনৰ অমোঘ সত্য৷ অনিশ্চয়তাভৰা জগতত পৰিসংখ্যাগত সম্ভাৱনাইহে আমাক পৰিচালিত কৰে৷ মানি লোৱা কঠিন যে ৰোগ নির্ণায়ক পৰীক্ষা এটাই দেখুওৱা ফলটো কিমান নির্ভৰযোগ্য, সেইটো পৰীক্ষাটোৰ ‘সংবেদনশীলতা’ আৰু ‘নির্দিষ্টতা’ৰ উপৰি সেই বিশেষ ৰোগবিধৰ প্রাদুর্ভাৱৰ ওপৰতো নির্ভৰ কৰে৷ বিশেষ এটা পৰিস্থিতি, যেনে– এপিডেমিক বা নির্দিষ্ট, যেনে– মেলেৰিয়া অধ্যুষিত অঞ্চলসাপেক্ষে নির্ধাৰণ কৰা ‘নির্দিষ্টতা’ আৰু ‘সংবেদনশীলতা’ সেই পৰিস্থিতি বা অঞ্চলত ৰোগবিধৰ যি প্রাদুর্ভাৱ, যেনে– ১০ শতাংশ, সেই সাপেক্ষেহে সিদ্ধ৷ এতিয়া যদি পৰীক্ষাবিধ আমি ৰোগবিধৰ কম প্রাদুর্ভাৱ, যেনে– ১ শতাংশ, থকা পৰিস্থিতি বা অঞ্চলত প্রয়োগ কৰোঁ, তেনেহ’লে পৰীক্ষাটোৰ ‘পজিটিভ’ ফলৰ নির্ভৰযোগ্যতা হ্রাস হৈ পৰে৷ নির্ভৰযোগ্যতাৰ এই মানক ‘ধনাত্মক পূর্বাভাস মান’(Positive Predictive Value) বুলি কোৱা হয়৷

এটা উদাহৰণৰ পৰা বিষয়টো পৰিষ্কাৰ হ’ব৷ ৯৯.৯ শতাংশ ‘সংবেদনশীল’ আৰু ৯৯.৫ শতাংশ ‘নির্দিষ্টতা’ থকা কাল্পনিক পৰীক্ষা এটাৰ উদাহৰণ লওঁ৷ ধৰি লওঁ যে এইটোHIV ৰোগৰ পৰীক্ষা আৰু ইয়াৰ ‘সংবেদনশীলতা’ আৰু ‘নির্দিষ্টতা’ ১০ শতাংশHIV প্রাদুর্ভাৱ থকা ঠাই এখনত সিদ্ধ কৰা হৈছিল৷ সেই ঠাইখনত এই পৰীক্ষাটোৰ ‘ধনাত্মক পূর্বাভাস মান’ ৯৬ শতাংশ হ’ব (ভিতৰৰ ফর্মূলাটো দেখুওৱা নাই)৷ অর্থাৎ ৯৬ শতাংশ পজিটিভ ফল সঁচা ‘পজিটিভ’৷ এতিয়া যদি এই একেটা পৰীক্ষা আমি ১ শতাংশHIV প্রাদুর্ভাৱ থকা ঠাই এখনত কৰোঁ, ইয়াৰ ‘ধনাত্মক পূর্বাভাস মান’ ১৭ শতাংশলৈ নামি আহে৷ একেটাই পৰীক্ষা, অথচ প্রাদুর্ভাৱ অনুযায়ী নির্ভৰযোগ্যতা ততালিকে ৯৬ শতাংশৰ পৰা ১৭ শতাংশলৈ নামি আহে৷ এই বিবেচনা নকৰাকৈ পৰীক্ষা এটাৰ ফল শিলৰ ৰেখা বুলি ধৰিব পৰা নাযায়৷

এতিয়া আমি ক’ৰোনাৰRT-PCR পৰীক্ষাটো বিবেচনা কৰোঁ৷ যিসমূহ দেশ বা অঞ্চলত মহামাৰী হৈছে, অর্থাৎ ৰোগৰ প্রাদুর্ভাৱ অতি বেছি (যেনে– ইউৰোপ, মার্কিন যুক্তৰাষ্ট্র বা নিউয়র্ক, লণ্ডন, দিল্লী, মুম্বাই, চেন্নাই) আৰু যিসমূহ দেশ বা অঞ্চলত ৰোগৰ প্রাদুর্ভাৱ কম, এই একেবিধRT-PCR ‘ধনাত্মক পূর্বাভাস মান’ৰ বিৰাট ব্যৱধান হ’ব৷ হ’ব৷ মই যিটো ৯৯.৯ শতাংশ সংবেদনশীল আৰু ৯৯.৫ শতাংশ নির্দিষ্ট পৰীক্ষাৰ উদাহৰণ দিছোঁ, সেইটোৰ ক্ষেত্রতেই ১০ শতাংশ প্রাদুর্ভাৱ কম–বেছিতেই কি এক বিৰাট ব্যৱধান হৈছে৷ বাস্তৱিক ক্ষেত্রত ক’ৰোনাৰRT-PCRৰ ‘সংবেদনশীলতা’ ৭০ শতাংশ আৰু ‘নির্দিষ্টতা’ ৯৫–৯৯ শতাংশ হ’ব পাৰে৷ ‘মিছা নিগেটিভ’ ইয়াৰ প্রধান দুর্বলতা যি বিষয়ে বিদ্বৎ মহলত বিশদ আলোচনা হৈছে৷ সেয়ে মহামাৰী হোৱা দেশ বা অঞ্চলত নিগেটিভ ফল ওলালেও, যদি লক্ষণ বা ভ্রমণ বা সংস্পর্শৰ ইতিহাস থাকে, সাৱধানতা বাদ দিয়া নহয়৷ কিন্তু কম প্রাদুর্ভাৱ থকা দেশ বা অঞ্চলত লক্ষণ বা ইতিহাস নথকা লোকৰ ক্ষেত্রত ‘মিছা পজিটিভ’ প্রধান সমস্যা হৈ উঠিছে৷ শেহতীয়াকৈ লক্ষণ নথকাসকলক স্ক্রীনিং কৰাৰ পৰিপ্রেক্ষিতত বিষয়টোৱে বিদ্বৎ মহলত গুৰুত্ব পাইছে৷

ইউৰোপ আৰু ভাৰতৰ মাজত ক’ৰোনাৰ প্রাদুর্ভাৱৰ ব্যৱধান হাজাৰ গুণৰ৷ সেয়ে যেতিয়া আমি, উদাহৰণস্বৰূপে, বঙাইগাঁও বা মাজুলীত কোনো ভ্রমণ বা ‘পজিটিভ’ ৰোগীৰ সম্পর্কলৈ অহাৰ ইতিহাস নথকা আৰু ৰোগৰ লক্ষণ নথকা লোকৰ মাজত চাৰিটা ক’ৰোনা সংক্রমণ হঠাতে ধৰা পৰা দেখা পাওঁ, তেতিয়া বঙাইগাঁও বা মাজুলীসাপেক্ষে পৰীক্ষাটোৰ ‘ধনাত্মক পূর্বাভাস মান’ বিবেচনা কৰিব লাগিব৷ দ্বিতীয় এটা উচ্চ নির্দিষ্টতা থকা পৰীক্ষা নকৰাকৈ লগতে আন আনুষংগিক কথা বিবেচনা নকৰাকৈ ‘পজিটিভ’ ফলাফলটো পোনে পোনে মানি ল’ব নোৱাৰি৷

পুনৰ বুজিবলৈ সহজ হোৱাকৈ উদাহৰণ দিছোঁ৷ যদি ধৰি লওঁ যে পৰীক্ষা কৰা অঞ্চল বা মানুহৰ বিশেষ গোটটোত প্রাদুর্ভাৱ ৩ শতাংশ আৰু ক’ৰোন RT-PCRৰ নির্দিষ্টতা ৯৯.৫ শতাংশ, তথাপি প্রতি এশজনত ১৯জন ‘মিছা পজিটিভ’ ওলাব৷যদি প্রাদুর্ভাৱ ১ শতাংশ, তেনেহ’লে একেটা পৰীক্ষাত এশৰ ভিতৰত ৪১জন ‘মিছা পজিটিভ’ ওলাব৷ প্রাদুর্ভাৱৰ লগতে পৰীক্ষাটোৰ ‘সংবেদনশীলতা’ আৰু ‘নির্দিষ্টতা’ৰ সাধাৰণ তাৰতম্যই চূডান্ত সংখ্যাটোৰ কি বিৰাট পৰিৱর্তন ঘটায় মুম্বাইবা গুৱাহাটীত ক’ৰোনাৰ প্রাদুর্ভাৱ কিমান? ফলাফল ব্যাখ্যাৰ বাবে ই অতি প্রয়োজনীয়৷ ‘মিছা পজিটিভ’ৰ বিষয়টো অধিক গুৰুত্বপূর্ণ হৈ পৰে যদি আমি লক্ষণ বা ইতিহাস নথকা সকলোকে সাঙুৰি ‘গণ–স্ক্রীনিং’ অভিযান আৰম্ভ কৰোঁ৷ অসমত ক’ৰোনাৰ প্রাদুর্ভাৱ (৭,১৬¸২৬,০০০,০০০x১০=০.০২ শতাংশ (২৮ জুন)৷ মহাৰাষ্ট্রত ০.০৯ শতাংশ৷ কম প্রাদুর্ভাৱ থকা ঠাইত ‘গণ–স্ক্রীনিং’ অভিযান ভাবিবলগীয়া এক বিষয়৷ ‘মিছা পজিটিভ’ ফলক কেনেকৈ মোকাবিলা কৰিম সেই বিষয়ে নীতি লাগিব৷ ৰাজ্য চৰকাৰসমূহে সঠিক পথ নির্দেশনা দিয়াত ICCMৰ ভূমিকা আছে৷

সাধাৰণতে এই জটিল বিষয়টো ডাক্তৰ এজনৰ নিজৰ ৰোগীৰ বাবে বিবেচিত৷ আজি সম্ভাব্য মহামাৰী প্রতিৰোধৰ পৰিপ্রেক্ষিতত জনস্বাস্থ্যৰ বাবে বিবেচনাৰ বিষয় হৈ পৰিছে৷ অনিশ্চয়তাভৰা পৰিস্থিতিত পৰিসংখ্যাৰ সম্ভাৱনীয়তাৰ দ্বাৰা আগবঢ়া সহজ কথা নহয়৷ ইয়াত ৰাজনৈতিক বিবেচনা অতি প্রয়োজনীয়৷ আমাৰ দৰে মানুহৰ কাম আলোকপাত কৰা৷ মহামাৰী ৰোধৰ বাবে দিন–ৰাতি একাকাৰ কৰা ৰাজনৈতিক নেতৃত্বক তথ্য বিশ্লেষণ দি সবল কৰা৷ এই ধৰণৰ পৰিৱেশত ‘যডযন্ত্র তত্ত্ব’ আৰু চাঞ্চল্যকৰ বাতৰি পৰিৱেশন কৰি কাকত বেচিবলৈ দিহা কৰা অল্পমতিৰ কার্যৰ পৰিচায়ক৷

You might also like