নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অমৰ’ ৰুছ ৰাষ্ট্ৰপতি পুটিন অসুস্থ নেকি

বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ বিশ্বৰ ভিতৰতে অপ্ৰতিৰোধ্য নেতা হিচাপে জনাজাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। চলন-ফুৰনতো ‘লাৰ্জাৰ ডেন লাইফ’ ভাবমূৰ্তি আছে। আনকি এনে ধৰণৰো গুজৱ আছে যে পুটিন হেনো অমৰ! কিন্তু শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি পুটিন হেনো অসুস্থ। কেবাটাও শাৰীৰিক সমস্যাত ভূগি আছে ৰাষ্ট্ৰপতিগৰাকী। ইউক্ৰেইন আক্ৰমণৰ পাছতে পুটিনক লৈ নিতৌ খবৰ প্ৰকাশ হৈ আহিছে। সকলোৰে দৃষ্টি পুটিনৰ ওপৰত। যুদ্ধৰ উত্তেজনা, আমেৰিকা-নাটোৰ সৈতে সংঘাতৰ আশংকা আৰু কিয়েভ দখল কৰিব নোৱৰা নিজৰ বাহিনীৰ বিফলতাৰ ফলতমানসিকভাবে পুটিন হেনো ভাগি পৰিছে। ছিডনীৰ এগৰাকী কছমেটিক ছাৰ্জনে ইনষ্টাগ্ৰামত পুটিনৰ ভিন্ন বয়সৰ দুখন ছবি পোষ্ট কৰিছে। ইয়াত দাবী কৰা হৈছে যে যৌৱন ধৰি ৰাখিবলৈ পুটিনে মুখত বোটক্স প্ৰয়োগ কৰে। ইয়াৰ ফলত পুটিনৰ মুখখন ফুলি থকা দেখা গৈছে। কিন্তু ৰাছিয়াৰ মতে, এয়া অপপ্ৰচাৰ। পুটিন এতিয়াও পূৰ্বৰদৰেই সুদৃঢ় আৰু অপ্ৰতিৰোধ্য।

You might also like