জুডোত পাৰদর্শী। আইছ হকীৰ উৎসাহী। ঘোঁৰাত উঠা বা জীমত ব্যায়াম কৰা… ৰাষ্ট্রনেতা ভ্লাডিমিৰ পুটিনৰ কঠিন চেহেৰাৰ সমান্তৰালকৈ ভিন্ন ভংগীৰ নানা ধৰণৰ ফটো দেখিছে বিশ্ববাসীয়ে। ৰুছ ‘লৌহমানৱ’ গুৰুতৰভাৱে অসুস্থ নেকি? শেহতীয়াকৈ প্ৰকাশিত ফটোত পুটিনৰ মুখখন আৰু কান্ধখন ফুলি উঠা দেখা গৈছে। সেয়ে চৰ্চা হৈছে পুটিন অসুস্থ নেকি। অৱশ্যে স্বাস্থ্য সংক্রান্তীয় কোনো বিবৃতি জাৰি কৰা নাই মস্কোৱে।
৬৯ বছৰীয়া পুটিনৰ শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ জল্পনা নতুন নহয়। ব্রিটিছ টেবলয়ড এখনে দাবী কৰিছে যে বিগত কেইবা সপ্তাহত পুটিনৰ মুখ আৰু কান্ধৰ অংশ বৰকৈ ফুলিছে। যেন কোনো চিকিৎসাৰ বাবে ষ্টেৰয়েড লৈছে। তাৰে পার্শ্বক্রিয়াৰ বাবেই ফুলি উঠিছে তেওঁৰ মুখ আৰু কান্ধৰ অংশ। ৰাছিয়া বিষয়ক বিশেষজ্ঞ তথা হোৱাইট হাউছৰ এক শীর্ষ পদাধিকাৰীয়ে আমেৰিকাৰ সংবাদমাধ্যমত কৈছে- পুটিনক খুব সুস্থ দেখা নাই। তেওঁৰ পিঠিৰ এটা সমস্যা আগৰে পৰা আছে। কিন্তু তাতকৈও গুৰুতৰ কিছু সমস্যা হৈছে নেকি?
ব্রিটেইনৰ প্রাক্তন বিদেশ সচিব ডেভিড ৱয়েনৰ মতে, যিয়ে কৈছে পুটিনে প্লাষ্টিক চার্জাৰী বা বোটক্স কৰিছে, তেওঁলোকৰ কথা বিশ্বাস নকৰিব। কাৰোবাৰ প্রশ্ন, পুটিন পার্কিনছনছ তথা কেন্সাৰত আক্রান্ত নেকি?ৰাছিয়াৰ ৰাজনৈতিক বিশেষজ্ঞ তথা ইতিহাসবিদ ভেলেৰী ছলোভেইৰে দাবী কৰিছিল যে, পুটিনৰ শাৰীৰিক উপসর্গত পার্কিনছনছ আৰু কেন্সাৰ উভয় লক্ষণ আছে। তেওঁ আকৌ দাবী কৰে যে, ২০২০ চনৰ ফেব্রুৱাৰীত জৰুৰী অস্ত্রোপচাৰ কৰা হৈছিল পুটিনৰ। ৰাষ্ট্রনেতা হওঁক বা নিজৰ ঘনিষ্ঠ বৃত্তৰ সহযোগী— যোৱা কিছু সময়ৰ পৰা সকলোৰে সৈতে বৈঠকত পুটিনক দেখা গৈছে অস্বাভাৱিক দীঘলীয়া টেবুলৰ এটা প্রান্তত তেওঁ বহি থকা। বৈঠকত শাৰাৰিক দূৰত্ব বজাই ৰাখিছে নেকি পুটিনে? সেয়াও বিভিন্ন মহলত উঠা প্ৰশ্ন।