নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ আগষ্টত অযোধ্যাৰ ৰাম জন্মভূমিত আত্মঘাতী আক্রমণৰ ব্লুপ্রিণ্ট আই এছ আইৰ

নিয়মীয়া বাৰ্তা,২৯ জুলাই: পাকিস্তানী কুখ্যাত চোৰাংচোৱা সংস্থা আইএছআইৰ ভাৰতবিৰোধী চক্রান্তৰে অযোধ্যাত ভয়ংকৰ আত্মঘাতী আক্রমণৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে৷ পাক প্রশিক্ষিত সন্ত্রাসবাদীৰে জম্মু–কাশ্মীৰত কূটাঘাতমূলক কার্য সংঘটিত কৰি থকা আইএছআই অযোধ্যাৰ ৰাম জন্মভূমিত ভয়ংকৰ আত্মঘাতী আক্রমণৰ ব্লুপ্রিণ্ট পোহৰলৈ আহিছে৷ ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ হাতত পৰা তথ্য মতে অহা ১৫ আগষ্টত আইএছআইৰ পৃষ্ঠপোষকতাত অযোধ্যাৰ ৰাম জন্মভূমিত সন্ত্রাসবাদীয়ে আত্মঘাতী আক্রমণ চলাব৷ এই আক্রমণ চলাব আইএছআয়ে প্রশিক্ষণ দি ভাৰতলৈ প্রেৰণ কৰা তিনিৰ পৰা পাঁচটা সন্ত্রাসবাদীৰ জৰিয়তে৷ ইতিমধ্যে ভাৰতত অনুপ্রৱেশৰ ব্লুপ্রিণ্ট সম্পূর্ণ কৰা আইএছআয়ে এই সন্ত্রাসবাদী গোটকেইটাক অযোধ্যালৈ যোৱাৰ নির্দেশ দিছে৷ ইয়াতেই ১৫ আগষ্টৰ দিনা ভয়ংকৰ আত্মঘাতী আক্রমণ চলাব৷

ৰ’ৰ হাতত পৰা তথ্য মতে আফগানিস্তানত ইতিমধ্যে আইএছআয়ে সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা আৰু জইচ–ই–মহম্মদৰ দুর্ধর্ষ সন্ত্রাসবাদী অযোধ্যাত আক্রমণৰ বাবে প্রশিক্ষণ সমাপ্ত কৰিছে৷ দেশৰ বিভিন্ন ঠাইত পৃথকে পৃথকে সন্ত্রাসবাদী গোটে আক্রমণ কৰাৰ সমান্তৰালকৈ অযোধ্যাতো এই সন্ত্রাসবাদীৰ আন গোটে আত্মঘাতী আক্রমণ চলাব৷ অযোধ্যাৰ ৰাম মন্দিৰত আক্রমণ চলোৱাৰ লগতে দেশত ভিভিআইপিৰ ওপৰতো আক্রমণ সংঘটিত কৰিব বুলি আইএছআইৰ ব্লুপ্রিণ্টত আছে৷ উনুকিয়াব লাগিব যে পাকিস্তানৰ পৰা জম্মু–কাশ্মীৰৰ এল’চিৰে ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰা পাক প্রশিক্ষিত সন্ত্রাসবাদীয়ে দিল্লী, অযোধ্যা আৰু কাশ্মীৰত আক্রমণ কৰিব পাৰে বুলিও ইতিমধ্যে দেশৰ আন চোৰাংচোৱা সংস্থাই তথ্য লাভ কৰাৰ পিছতেই উক্ত অঞ্চলকেইটাত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ দেশৰ ৰাজধানী নতুন দিল্লীত আক্রমণৰ ব্লুপ্রিণ্টেৰে নেপাল সীমান্তৰে উত্তৰ প্রদেশত প্রৱেশ কৰিছে৷ এই সন্ত্রাসবাদী গোটেই অযোধ্যাতো আক্রমণ সংঘটিত কৰিব৷

উল্লেখ্য যে অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰত ভূমি পূজনেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঐতিহাসিক ৰাম মন্দিৰ নির্মাণৰ প্রক্রিয়া শুভাৰম্ভ কৰিব৷ এই দিনটোতেই সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ মর্যাদা কর্তন কৰা হৈছিল৷ অযোধ্যাৰ ৰাম মন্দিৰ নির্মাণ শুভাৰম্ভ আৰু ৩৭০ বিলুপ্তিৰ দিনটোতো পাক সন্ত্রাসবাদীয়ে আক্রমণ কৰাৰ সম্ভাৱনা আছে বুলি দেশৰ চোৰাংচোৱা সংস্থাই ইতিমধ্যে সকীয়নি বার্তা দিছে৷

You might also like