নিয়মীয়া বার্তা, ২৬ জুলাইঃ বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন আইছিছে শক্তিশালী ঘাটি পাতিছে ভাৰতত৷ দেশখনত কেৰালা আৰু কর্ণাটকৰ আইছিছৰ বর্ধিত সদস্যৰ ভাবুকি কঢ়িয়াই আনিব বুলি সকীয়নি দিছে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রসংঘৰ এনালাইটিকেল ছাপ’ট এণ্ড ছেংছন মনিটৰিং টীমে প্রস্তুত কৰা ২৬ সংখ্যক প্রতিবেদনত ভাৰতৰ কেৰালা আৰু কর্ণাটকত আইছিছৰ সদস্যৰ সংখ্যা বৃদ্ধি পোৱা বুলি প্রকাশ পাইছে৷ সন্ত্রাসবাদী সংগঠন আইছিছ, আল–কায়দাকে ধৰি বিভিন্ন সংগঠনৰ সন্ত্রাসবাদী কার্যকলাপক লৈ উদ্বিগ্ণতা প্রকাশ কৰি প্রতিবেদনখনত আইছিছৰ দ্বাৰা ভাৰতৰ বিভিন্ন প্রান্তত আক্রমণ সংঘটিত হ’ব পাৰে বুলি সকীয়নি দিয়া হৈছে৷ আল–কায়দাৰ ভাৰতীয় উপ–মহাদেশীয় গোটটোত ভাৰত, পাকিস্তান, বাংলাদেশ আৰু ম্যানমাৰৰ পৰা ১৫০ৰ পৰা ২০০জন সন্ত্রাসবাদী কার্যকলাপত জড়িত হৈ আছে৷
তালিবানৰ ছত্রছায়াত ভাৰত উপ–মহাদেশীয় আল–কায়দাৰ গোটটোৱে ভাৰতৰ বিভিন্ন প্রান্তত ভয়াৱহ আক্রমণ সংঘটিত কৰিব পাৰে বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ আফগানিস্তানৰ নিমৰুজ, হেলমণ্ড আৰু কান্দাহাৰ প্রদেশৰ পৰা দুর্ধর্ষ তালিবানী সদস্যই আল–কায়দাৰ সৈতে মিলি ভাৰতৰ বিভিন্ন প্রান্তত সদস্য সংখ্যা বৃদ্ধিৰ প্রক্রিয়াও চলাই আছে৷ আল–কায়দাৰ ভাৰত উপমহাদেশীয় গোটৰ মুৰব্বী ওচামা মেহমুদে ভাৰতকে ধৰি অঞ্চলটোত ভয়াৱহ আক্রমণৰ ব্লু–প্রিণ্ট ৰচনা কৰিছে৷ উল্লেখ্য যে আল–কায়াদৰ এই গোটটোৰ মুৰব্বী আছিম ওমৰৰ মৃত্যু ঘটাৰ পিছতেই ওচামা মেহমুদে দায়িত্ব লৈ প্রতিশোধৰ লক্ষ্যৰে অঞ্চলটোত সদস্য সংখ্যা বৃদ্ধি কৰি ঘাটি পাতিবলৈ চেষ্টা চলাই আছে৷ প্রতিবেদনখনৰ মতে, আইছিলৰ ভাৰতীয় গোট হিন্দ উইলায়াহত ২০১৯ চনতে ১৮০ৰ পৰা ২০০ সদস্য আছিল৷ সম্প্রতি ইয়াৰ সংখ্যা বৃদ্ধি পাইছে৷ গুৰুত্বপূর্ণ যে বিগত বর্ষৰ মে’ মাহত ইছলামিক ষ্টেট (আইছিছ, আইছিল) সন্ত্রাসবাদী সংগঠনটোৱে ভাৰতত নতুন ইছলামিক ৰাষ্ট্র গঠনৰ কথা ঘোষণা কৰিছিল৷ জম্মু–কাশ্মীৰত সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘর্ষ চলি থকাৰ মাজতেই ঘোষণা কৰিছিল সন্ত্রাসবাদী সংগঠনটোৱে৷ আমাক নিউজ এজেন্সীৰ জৰিয়তে ভাৰতত স্থাপন কৰিবলগীয়া ৰাষ্ট্রখনৰ নাম আৰবী ভাষাত উইলায়াহ অৱ হিন্দ বুলি ঘোষণা কৰিছিল৷
ক’ৰোনা মহামাৰীয়ে বিশ্বজুৰি সংহাৰী ৰূপ লোৱাৰ সময়তে ৰাষ্ট্রসংঘত প্রকাশিত প্রতিবেদনত ভাৰতৰ সাগৰীয় উপকূলীয়া ৰাজ্য কেৰালা আৰু কর্ণাটকত আইছিছৰ শক্তিশালী ঘাটি থকা বুলি সকীয়নি প্রদান কৰাটো উদ্বেগজনক৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে ইতিমধ্যে কেৰালা আৰু কর্ণাটকত আইছিছৰ সৈতে জড়িত কেইবাজনো লোকক নিয়াই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ ৰাষ্ট্রসংঘৰ প্রতিবেদনে কেৰালা আৰু কর্ণাটকত যে আইছিছৰ স্থিতি আছে, সেয়াও প্রমাণিত কৰিলে৷