নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৮৯ চনৰ পাছত ইজৰাইলত পলিঅ’ৰ আতংক

বিশেষ বাৰ্তা, ৭ মাৰ্চঃ পলিঅ’ৰ দৰে ভাইৰাছৰ বিৰুদ্ধে প্ৰতিখন দেশেই জেহাদ ঘোষণা কৰি আহিছিল। পলিঅ’মুক্ত দেশ এখন গঢ়িবলৈ প্ৰতিখন দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে নিয়মীয়া আৰু বিনামূলীয়া ভেকচিনৰ ব্যৱস্থা কৰিছে। বহুতো দেশে এই লক্ষ্যত উপনীত হ’বলৈও সক্ষম হৈছিল। কিন্তু তেনেতে সূদুৰ ইজৰাইলৰ পৰা আহিছে এটি চাঞ্চল্যকৰ খবৰ। যি খবৰে স্বাস্থ্য মন্ত্ৰালয়ক যথেষ্ট উদ্বিগ্ন কৰিছে। ১৯৮৯ চনৰ পাছত প্ৰথমবাৰৰ বাবে দেশখনত ধৰা পৰিছে পলিঅ’ আক্ৰান্ত এটি শিশু। দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, চাৰি বছৰীয়া শিশুটি ৰাজধানী জেৰুজালেমৰ। শিশুটিক নিয়মীয়া ভেকচিন প্ৰদান কৰা হোৱা নাছিল বুলি জানিব পৰা গৈছে।

You might also like