নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াই নিজৰ মতে বিহু পাতিবঃ জুবিন গাৰ্গ 

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চ: “অসমীয়াৰ অতি চেনেহৰ, বাপতিসাহোন ৰঙালী বিহু অসমীয়াই নিজৰ মতে পালন কৰিব৷ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত অসমীয়াই বিহু পাতিবই, বিহু অনুষ্ঠিত কৰাক লৈ কোনো ৰাজনৈতিক দলৰ নেতাই কোৱাৰ প্ৰয়োজন নাই৷”- এই মন্তব্য নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ৷ যোৱা নিশা বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ ডুবি মালিপাৰাৰ দশম বাৰ্ষিক শিৱ পূজাৰ অতিথি শিল্পী হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে জুবিন গাৰ্গে।

বিহু অনুষ্ঠিত কৰাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিল্পীগৰাকীয়ে আৰু কয় যে আমি ৰাজনৈতিক দলবোৰক যিকোনো অনুষ্ঠান পালন কৰাৰ ক্ষেত্ৰতে একো কব যোৱা নাই। গতিকে বিহু পালন কৰাক লৈ ৰাজনৈতিক দলসমূহে একো কোৱাৰ দৰকাৰ নাই৷

ইপিনে সীমান্ত শেখৰে দিয়া মন্তব্য সন্দৰ্ভত জুবিন গাৰ্গে কয় সীমান্ত শেখৰে মোৰ ঠাই পাবলৈ সাতটা জনম লাগিব। তাক চৰকাৰে যিটো কাম দিছে, সেইটো ভালদৰে কৰক। এইবোৰ কথাত মাত মাতি সীমান্তৰ লাভ নাই বুলিও শিল্পীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷

ইউক্ৰেইনত থকা ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ সন্দৰ্ভতো মন্তব্য কৰি জুবিন গাৰ্গে কয় যে ইয়াৰ বাবে চৰকাৰে যি কৰিব লাগে সেয়া কৰি আছে৷
প্ৰেৰক- কল্যাণ কলিতা৷

You might also like