ইজৰাইলী সংস্থা এনএছ’ৰে আর্থিক লেনদেন নাই কেন্দ্রৰ
নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ ইজৰাইলী স্পাইৱেৰ পেগাছাছ প্রস্তুতকাৰী সংস্থা এন এছ অ’ৰ সৈতে কোনো ধৰণৰ আর্থিক লেনদেন হোৱা নাছিল কেন্দ্রীয় চৰকাৰৰ৷ সোমবাৰে সংসদৰ বর্ষাকালীন অধিৱেশনত বিৰোধীৰ উত্তাল অৱস্থাৰ মাজতে এই কথা সদৰী কৰিছে প্রতিৰক্ষা মন্ত্রালয়ে৷ এন এছ অ’ আৰু কেন্দ্রীয় চৰকাৰৰ মাজত কোনো ধৰণৰ আর্থিক লেনদেন হৈছে নেকি সেই সন্দর্ভত ৰাজ্যসভাত এক প্রশ্ণ উত্থাপন কৰিছিল চি পি আই (এম)ৰ সাংসদ ভি শিৱদাছনে৷
এই প্রশ্ণৰ উত্তৰত প্রতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্রী অজয় ভাটে উল্লেখ কৰে যে ইজৰাইলী সংস্থাটোৰ সৈতে কোনো ধৰণৰ আর্থিক লেনদেন আজিলৈকে হোৱা নাই কেন্দ্রীয় চৰকাৰৰ৷ দেশৰ বিৰোধী নেতা, সাংবাদিক, সমাজকর্মী আৰু বিচাৰপতি একাংশৰ ফোন পেগাছাছ ব্যৱহাৰ কৰি টেপিং কৰা বুলি অভিযোগ অনা হৈছে৷ বিশ্বৰ কেইবাটাও সংবাদ সংস্থাই এই অভিযোগ উত্থাপন কৰাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি উত্তাল হৈ আছে৷ আনকি বিৰোধীয়ে বিষয়টোক লৈ বাৰে বাৰে সংসদৰ বর্ষাকালীন অধিৱেশনত ক্ষোভ উজাৰি আহিছে৷