নিয়মীয়া বাৰ্তা, ১৯ জুনঃ ভাৰতীয় সেনাই জম্মু-কাশ্মীৰত চলোৱা দুটা পৃথক অভিযানত ৮জন উগ্ৰপন্থী নিহত হৈছে। নিৰাপত্তা বাহিনীয়ে বৃহস্পতিবাৰে ছোপিয়ান আৰু অৱন্তিপুৰাত এই অভিযান চলাইছিল।
জম্মু-কাশ্মীৰ সেনাৰ মুখপাত্ৰ কৰ্ণেল ৰাজেশ কালিয়াই এক বিবৃতিযোগে জনাই যে বৃহস্পতিবাৰৰ পৰা আজি পুৱতিনিশালৈ চলোৱা অভিযানত ছোপিয়ানত ৫জন উগ্ৰপন্থী আৰু অৱন্তিপুৰাত ৩জন পাক সমৰ্থিত উগ্ৰপন্থী নিহত হয়। ইয়াৰ দুজন উগ্ৰপন্থী অৱন্তিপুৰা জিলাৰ পমপোৰ অঞ্চলৰ এটা মছজিদত শৰণ লৈ আছিল। অঞ্চলটো বৰ্তমান তীব্ৰ নজৰত ৰাখিছে নিৰপত্তা বাহিনীয়ে।