জম্মু–কাশ্মীৰৰ এল অ’চিত মর্টাৰ নিক্ষেপ পাক সেনাৰ
নিয়মীয়া বাৰ্তা ১৮ জুনঃ জম্মু–কাশ্মীৰৰ এল অ’ চিত পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘন অব্যাহত ৰাখিছে৷ যোৱানিশা জম্মুৰ নৌগাম ছেক্টৰত পাকিস্তানী সেনাই ভাৰতীয় নিৰীক্ষণ চকীৰ লগতে অসামৰিক লোকৰ বাসভূমিলৈ মর্টাৰ নিক্ষেপ কৰে৷ পাক সেনাৰ অপ্রৰোচিত মর্টাৰ নিক্ষেপক ভাৰতীয় সেনাই উচিত প্রত্যুত্তৰ দি আছে৷ এই ঘটনাত হতাহতৰ তথ্য পোহৰলৈ অহা নাই৷ উল্লেখ্য যে চলিত বর্ষত পাকিস্তানী সেনাই কেন্দ্রীয় শাসিত অঞ্চলটোৰ এল অ’ চিত এতিয়ালৈকে ২,০২৭ বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে৷ মন কৰিবলগীয়া যে যোৱা সোমবাৰে লাডাখৰ এল অ’ চিত চীন আৰু ভাৰতীয় সেনাৰ মাজত সংঘাতে উত্তেজনা অব্যাহত ৰখাৰ সময়তে পাকিস্তানী সেনাই যোৱানিশা এল অ’ চিত মর্টাৰ নিক্ষেপ কৰে৷ ইয়াৰ পিছতে মর্টাৰ নিক্ষেপ কৰা অঞ্চলটোত পাকিস্তানী আৰু ভাৰতীয় সেনাৰ মাজত প্রচণ্ড গুলীয়াগুলী চলি আছে৷ উল্লেখ্য যে এনে যুদ্ধবিৰতি উলংঘনেৰে পাকিস্তানে ভাৰতীয় ভূমিত সন্ত্রাসবাদী অনুপ্রৱেশৰ চেষ্টা চলাই আহিছে৷