নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ অন্তর্বাস পৰিধান কৰি ৰে’লত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা বিহাৰৰ জে ডি (ইউ)ৰ বিধায়ক এগৰাকীৰ কাণ্ডই আলোড়ন তুলিছে সংবাদ মাধ্যমত৷ কালি পাটনা–নতুন দিল্লী তেজছ এক্সপ্রেছেৰে যাত্রা কৰাৰ সময়ত বিহাৰৰ এই বিধায়কগৰাকীয়ে অন্তর্বাস পৰিধান কৰি যাত্রীসকলৰ মাজত সৃষ্টি কৰে সন্ত্রাস৷
অর্ধনগ্ন বিধায়কগৰাকীৰ নাম গোপাল মণ্ডল৷ ইতিমধ্যে মণ্ডলৰ দুখন ছবিয়ে ফেচবুকত সৃষ্টি কৰিছে চাঞ্চল্য৷ যাত্রীসকলৰ অভিযোগ অনুসৰি বিধায়কগৰাকীয়ে সঘনে সহযাত্রীসকলক ভাবুকি দিছিল৷ অৱশ্যে বিধায়কগৰাকীয়ে পেটৰ অসুখৰ বাবে সঘনে শৌচালয়লৈ যাবলগীয়া হোৱা বাবে এনেদৰে কাপোৰ খুলি ৰাখিছিল বুলি স্পষ্টীকৰণ দিছে৷