নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ’ বাইডেনক ইলেক্টৰেল কলেজে বিজয়ী ঘোষণা কৰক

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনত জ’ বাইডেনক জয়ী বুলি আনুষ্ঠানিকভাৱে নিশ্চিত কৰিলেই হোৱাইট হাউছ এৰিব বুলি ঘোষণা কৰিলে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ সমগ্র বিশ্বৰ লগতে আমেৰিকাবাসীয়ে ৰাষ্ট্রপতি নির্বাচনত জ’ বাইডেনক বিজয়ী হিচাপে মানি লৈছে যদিও বিভিন্ন অভিযোগ তুলি ৰাষ্ট্রপতি ট্রাম্পে এতিয়াও পৰাজিত হোৱা বুলি স্বীকাৰ কৰা নাই৷ ভোট গণনাত প্রৱঞ্চনা কৰা বুলি দাবী কৰি থকাৰ লগতে বাইডেনক জয়ী বুলি স্বীকাৰ নকৰা ৰাষ্ট্রপতি ট্রাম্পে প্রথমবাৰৰ বাবে যোৱানিশা চর্তসাপেক্ষে হোৱাইট হাউছ এৰাৰ ঘোষণা কৰে৷ ৰাষ্ট্রপতি ট্রাম্পে ৰখা চর্ত অনুযায়ী ইলেক্টৰেল কলেজে বাইডেনক জয়ী বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগিব৷ যোৱা ৩ নৱেম্বৰৰ পিছত প্রথমবাৰৰ বাবে সাংবাদিকৰ সৈতে বার্তালাপত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰ দি ৰাষ্ট্রপতি ট্রাম্পে কয় যে যদি ইলেক্টৰেল কলেজে বাইডেনৰ জয় নিশ্চিত কৰি দিয়ে, তেতিয়াহ’লে তেওঁ পৰাজয় স্বীকাৰ কৰি ল’ব৷

You might also like