মৃত্যুমুখৰ পৰা উভতি আহিছে জনছন
নিয়মীয়া বাৰ্তা ৪ মেঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা সম্পূর্ণ সুস্থ হৈ উঠা ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে ঘোষণা কৰিছে যে মৃত্যুমুখৰ পৰা তেওঁ উভতি আহিছে৷ ‘দ্য ছান’ৰ সৈতে হোৱা বার্তালাপত ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে যে চিকিৎসকসকলে তেওঁৰ মৃত্যুৰ সংবাদ ঘোষণা কৰিবলৈ সাজু হৈ আছিল৷ কেইবা লিটাৰো অক্সিজেন প্রদান কৰা হৈছিল জনছনক৷ কিন্তু আই চি ইউত জনছনৰ স্বাস্থ্যৰ সাধাৰণ উন্নতিহে নিৰীক্ষণ কৰিছিল চিকিৎসকে৷ গতিকে প্রধানমন্ত্রীগৰাকীৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰিছিল বিশিষ্ট চিকিৎসকসকলে৷ আনকি প্রধানমন্ত্রী জনছনৰ মৃত্যুৰ কথা দেশবাসীৰ ওচৰত ঘোষণা কৰিবলৈ এক আকস্মিক যোজনাও প্রস্তুত কৰিছিল বিশেষজ্ঞ চিকিৎসকসকলে৷ কিন্তু চিকিৎসকসকলৰ আশংকাক নির্মূল কৰি ৰহস্যজনকভাৱে সুস্থ হৈ উঠে জনছন৷ শেহতীয়াকৈ প্রধানমন্ত্রীগৰাকীয়ে নিজেই ঘোষণা কৰিছে এই কথা৷