মহাৰাষ্ট্রবাসীৰ ওচৰত ক্ষমা বিচাৰক কংগনাইঃ সঞ্জয় ৰাউত
নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ বলীউডৰ অভিনেত্রী কংগনা ৰানাৱত আৰু শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউতৰ মাজৰ বাকযুদ্ধই তীব্র ৰূপ ধাৰণ কৰিছে৷ অভিনেত্রী কংগনা ৰানাৱতে বৃহস্পতিবাৰে মুম্বাই পাক অধিকৃত কাশ্মীৰ সদৃশ হৈ পৰা বুলি মন্তব্য কৰাৰ পিছতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে অভিনেত্রীগৰাকীক ক্ষুৰধাৰ সমালোচনা কৰিছে৷
মুম্বাইৰ আৰক্ষীক লৈ শংকিত বুলি কংগনা ৰানাৱতে মন্তব্য কৰিছে৷ কালি সাংসদ ৰাউতে উল্লেখ কৰিছে যে অভিনেত্রী কংগনা ৰানাৱতে যদি মুম্বাইক মিনি পাকিস্তান বুলি অভিহিত কৰা ঘটনাৰ বাবে মহাৰাষ্ট্রবাসীৰ ওচৰত ক্ষমা বিচাৰে, তেন্তে তেওঁ কংগনাৰ ওচৰত পূর্বৰ মন্তব্যৰ বাবে ক্ষমা প্রার্থনা কৰিব৷
স্মর্তব্য যে মুম্বাই আৰক্ষীৰ ওপৰত আস্থা নাথাকিলে মহানগৰখনলৈ কংগনা পুনৰ উভতি আহিব নালাগে বুলি ভাবুকি প্রদান কৰিছিল ৰাউতে৷ কালি ৰাউতে পুনৰ উল্লেখ কৰিছে যে মুম্বাইক পাক অধিকৃত কাশ্মীৰৰে তুলনা কৰা কংগনাই আহমেদাবাদক অনুৰূপ ধৰণে তুলনা কৰাৰ সাহস দেখুৱাব নোৱাৰে৷