নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউড নহয় বাস্তৱঃ উদ্ধৱ থাকৰেৰ দৰ্পচূৰ্ণ কৰাৰ ধমকি কংগনা ৰানাৱটৰ

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ বলীউডত নেপোটিজম আৰু সুশান্ত ৰাজপুতৰ মৃত্যুৰ তদন্তক লৈ সৰৱ ভূমিকা পালন কৰা জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটৰ কাৰ্যালয়ত উচ্ছেদ চলোৱাৰ পিছত মুম্বাইলৈ আহিয়েই কংগনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক দিলে সকীয়নি।

নিৰ্ভীক অভিনেত্ৰী ৰানাৱটে কয়- ‘উদ্ধৱ থাকৰে, ছবিজগতৰ মাফিয়াৰে মিলি মোৰ ঘৰ ভাঙি মোৰ ওপৰত প্ৰতিশোধ লোৱা বুলি ভাবিছ, আজি মোৰ ঘৰ ভাঙিছে, কালি তোৰ অহংকাৰৰ পতন হব। এয়া সময়ৰ চক্ৰ, মনত ৰাখিবি, দিন সদায়ে একে নাথাকে।’

 

অকল চিনেমাতে নহয় বাস্তৱতো এগৰাকী বীৰাংগনাৰ ৰূপত দেখা গৈছে কংগনাক। অভিনেত্ৰীগৰাকীয়ে বি এম চিৰ কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী বুলি কোৱাৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰক বাবৰ সেনাৰ লগত তুলনা কৰে।

আজি মুম্বাইলৈ অহা অৱস্থাত মুম্বাই বিমান বন্দৰত হাজাৰৰ ঘৰত বিৰোধী আৰু সমৰ্থকৰ মাজেৰে নিজ কৰ্মসূচীলৈ আগবাঢ়ে অভিনেত্ৰীগৰাকী।

 

উল্লেখ্য, মুম্বাই মহানগৰত বহু ঘৰৰ নিৰ্মাণ বি এম চিৰ নিয়ম অনুযায়ী হোৱা নাই। কিন্তু এনে অবৈধ নিৰ্মাণক লৈ নিশ্চুপ থকা মহাৰাষ্ট্ৰ চৰকাৰে ব্যক্তিগত আখেজ পূৰণৰ স্বাৰ্থতে কংগনা ৰানাৱটৰ ৪০ কোটিটকীয়া ঘৰৰ একাংশত বুলডেজাৰ চলায় বুলি অভিযোগ উত্থাপন হৈছে ছ’চিয়েল মিডিয়াত।

You might also like