নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দেশৰ আটাইতকৈ শক্তিশালী প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত গণনা কৰা হয়। এনে বহুত কম ৰাজনীতিবিদ আছে, যিয়ে ইন্দিৰা গান্ধীৰ দৰে ৰাজনৈতিক ইচ্ছাশক্তি আৰু জনপ্ৰিয়তা লাভ কৰিছে। এতিয়া ৰাজনীতিৰ এই শক্তিশালী চৰিত্ৰটো ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব। যিগৰাকী শক্তিশালী প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে। শুকুৰবাৰে কংগনাই তেওঁৰ আহিবলগীয়া ৰাজনৈতিক ছবিখনৰ কথা ঘোষণা কৰে।
অৱশ্যে ছবিখনৰ শিৰোনাম এতিয়াও চূড়ান্ত হোৱা নাই। কংগনাৰ দ্বাৰা প্ৰকাশ কৰা তথ্য অনুসৰি, ছবিখনৰ প্ৰকল্পটো অন্তিম পৰ্যায়ত আছে।
উল্লেখ্য যে এই ছবিখনত ইন্দিৰা গান্ধীৰ জীৱনভিত্তিক ছবি নহ’ব। মাত্ৰ এটা সময়ৰ ওপৰত আধাৰিত ছবিখনৰ জৰিয়তে সেইসময়ৰ দেশৰ সামাজিক আৰু ৰাজনৈতিক দৃশ্যপটক তুলি ধৰা হ’ব। ইপিনে এই ছবিখনত বহুতো প্ৰবীণ শিল্পীকো দেখা যাব।
This is a photoshoot about iconic women I did in the beginning of my career, little did I know one day I will get to play the iconic leader on screen. https://t.co/ankkaNevH2
— Kangana Ranaut (@KanganaTeam) January 29, 2021