নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ মাত্রা কম আৰু বেছি হৈ অব্যাহত থকাৰ মাজতে এইবাৰ উত্তৰ প্রদেশত ধৰা পৰিছে ক’ৰোনা ভাইৰাছৰ পৰিৱর্তিত প্রকৰণ কাপ্পা৷ ক’ৰোনা ভাইৰাছৰ ডেল্টা প্রকৰণৰ লেখীয়া উদ্বিগ্ন প্রকৰণ কাপ্পাত আক্রান্ত হৈ উত্তৰ প্রদেশত এজনৰ মৃত্যু ঘটিছে৷
ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্রকাশ কৰা মতে, ৰাজধানী লক্ষ্ণৌৰ কিং জর্জ মেডিকেল কলেজত কাপ্পা প্রকৰণত আক্রান্ত দুজন ৰোগী ধৰা পৰিছে৷ অতি সংক্রমণশীল এই কাপ্পা প্রকৰণত আক্রান্ত হৈ ৬৬ বছৰীয়া এজন লোকৰ মৃত্যু ঘটিছে৷ বিভাগৰ বিবৃতি মতে, যোৱা ১৩ জুনত ক’ভিড পজিটিভ ৰোগীৰ নমুনা সংগ্রহ কৰি নতুন দিল্লীস্থিত চি এছ আই আৰৰ ইনষ্টিটিউট অৱ জেন’মিকছ এণ্ড ইণ্টিগ্রেটিভ বায়’লজীলৈ প্রেৰণ কৰে আৰু তাতেই ৰোগী দুজন কাপ্পা প্রকৰণত আক্রান্ত হোৱা বুলি নিশ্চিত হয়৷
বি আৰ ডি মেডিকেল কলেজৰ মাইক্র’বায়’লজী বিভাগৰ মুৰব্বী অমৰেশ সিঙে প্রকাশ কৰা মতে, যোৱা ২৭ মে’ত ক’ভিড পজিটিভ হোৱা ৰোগীজনক ১২ জুনত মেডিকেল কলেজলৈ অনা হয়৷ ১৩ জুনত নমুনা সংগ্রহ কৰাৰ পাছত ১৪ জুনত ৰোগীজনৰ মৃত্যু ঘটে৷
ইপিনে দেশজুৰি ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যাৰ হাৰ কম–বেছি হৈ আছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ৪৩,৩৯৩জন আৰু সুস্থ হৈ উঠিছে ৪৪,৪৫৯জন৷ বুধবাৰৰ তুলনাত আক্রান্তৰ সংখ্যা হ্রাস পাইছে আৰু সুস্থ লোকৰ সংখ্যা বৃদ্ধি হৈছে৷
আনপিনে ২৪ ঘণ্টাত মৃতকৰ সংখ্যা সামান্য বৃদ্ধি হৈছে৷ ২৪ ঘণ্টাত ৯১১জন লোকৰ মৃত্যু ঘটাত মুঠ মৃতকৰ সংখ্যা ৪,০৫,৯৩৯জনলৈ বৃদ্ধি পাইছে৷