নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডৰ প্রখ্যাত ছবি নির্মাতা কৰণ জোহৰক এনচিবিৰ চমন

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ চর্চিত মতে বলীউডৰ প্রখ্যাত চলচ্চিত্র নির্মাতা কৰণ জোহৰক ড্রাগ্ছ গোচৰত চমন জাৰি কৰিছে নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ৱে (এন চি বি)৷ চলচ্চিত্র নির্মাতা কৰণ জোহৰক এন চি বিয়ে চমন জাৰি কৰাৰ লগে লগে বলীউডত হাহাকাৰ লাগিছে৷ প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুত ড্রাগ্ছ জড়িত হোৱাৰ পাছতেই বলীউডৰ ৰথী–মহাৰথীৰ নাম চর্চাৰ মাজলৈ আহে৷ বলীউডৰ ৰথী–মহাৰথীৰ সম্পর্ক ড্রাগ্ছ মাফিয়াৰ সৈতে থকা বিষয়টো এন চি বিয়ে জোৰদাৰ ৰূপত তদন্ত চলাই ইতিমধ্যে কেইবাজনো অভিনেতা–ভিনেত্রীক চমন জাৰি কৰি সোধা–পোছা কৰাৰ অন্তত আজি প্রসিদ্ধ চলচ্চিত্র নির্মাতা, পৰিচালক কৰণ জোহৰক এন চি বিয়ে চমন জাৰি কৰিছে৷

এন চি বিৰ সূত্রই প্রকাশ কৰা মতে, বলীউডৰ ড্রাগ্ছৰ সৈতে জড়িত গোচৰত চলচ্চিত্র নির্মাতা কৰণ জোহৰক চমন জাৰি কৰিছে৷ এন বি পি এছ আইনৰ ৬৭ (বি) ধাৰাৰ অধীনত জোহৰক চমন জাৰি কৰা হৈছে৷ উল্লেখ্য যে শিৰোমণি আকালি দলৰ নেতা মজিন্দৰ সিং ছিৰছাই ২০১৯ চনত কৰণ জোহৰৰ পার্টীত ড্রাগ্ছ চলা বুলি অভিযোগ উত্থাপন কৰিছিল৷ ছ’চিয়েল মিডিয়াত বহুলভাৱে প্রচাৰিত কৰণ জোহৰৰ পার্টীত ড্রাগ্ছ চলা বুলি এন চি বিৰ ডিজি ৰাকেশ আস্থানাক অভিযোগ কৰাৰ পাছতেই বিষয়টো চর্চাৰ মাজলৈ আহিছিল৷

আনপিনে অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুত বলীউডৰ শিল্পী ড্রাগ্ছৰ গোচৰত সাঙোৰ খাই পৰাৰ লগে লগে এন চি বিয়ে তদন্ত ক্ষিপ্রতৰ কৰি ইয়াৰ অংশ হিচাপে আজি ছ’চিয়েল মিডিয়াত বহুল প্রচাৰিত ড্রাগ্ছ পার্টীৰ ভিডিঅ’ক লৈ কৰণ জোহৰক চমন জাৰি কৰিছে৷ কাইলৈ এন চি বিৰ কার্যালয়ত হাজিৰ হৈ চলচ্চিত্র নির্মাতা জোহৰে উক্ত ভিডি’ সন্দর্ভত স্পষ্টীকৰণ দিব৷

You might also like