নিয়মীয়া বাৰ্তা, ৭ মে’ : বহিঃৰাজ্যৰ শ্রমিকক গৃহভূমিলৈ উভতিবলৈ নিদিয়ে কর্ণাটক চৰকাৰে৷ ৰাজ্যখনৰ অর্থনীতিক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে প্রব্রজিত শ্রমিকক নিজ ৰাজ্যলৈ প্রেৰণ কৰাৰ বাবে যি বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছিল, সেয়া বাতিল কৰিছে কর্ণাটকে৷
বুধবাৰে ৰাজ্যখনৰ পৰা বিভিন্ন স্থানলৈ যাত্রা কৰিবলগীয়া এই বিশেষ ৰে’লসমূহৰ সেৱা বাতিল হৈছে৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্রী বি এছ য়েড্ডিয়ুৰাপ্পাই বহিঃৰাজ্যৰ শ্রমিকসকলক কর্ণাটকতে থকাৰ অনুৰোধ জনাইছে৷ মাত্র কেইদিনমান পূর্বে চৰকাৰে কর্ণাটকৰ বিভিন্ন চহৰত আবদ্ধ হৈ থকা প্রব্রজিত শ্রমিকসকলক গৃহভূমিলৈ প্রেৰণৰ বাবে দক্ষিণ–পশ্চিম ৰে’লৱেক বিশেষ ৰে’লৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল৷ কিন্তু কালি এই অনুৰোধ অগ্রাহ্য কৰিবলৈ চৰকাৰে ৰে’ল বিভাগলৈ এক পত্র লিখে৷
চৰকাৰৰ এই অনুৰোধৰ পাছতে কর্ণাটকৰ বাংগালুৰুৰ পৰা বিহাৰ অভিমুখে যাত্রা কৰিবলগীয়া বিশেষ ৰে’লখনৰ সেৱা বাতিল কৰা হৈছে৷ লক্ষণীয়ভাৱে বাংগালুৰুত উত্তৰ প্রদেশ আৰু বিহাৰৰ কেইবাহাজাৰো শ্রমিকে সাব্যস্ত কৰিছে প্রতিবাদ৷ আনকি কালি প্রতিবাদকাৰীসকল আৰক্ষীৰ সৈতে সংঘর্ষতো লিপ্ত হয়৷