নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্ণাটকৰ ১,৬০০ কোটিৰ লকডাউন সাহায্য ঘোষণা; ধোবী–নাপিতে লাভ কৰিব ৫ হাজাৰ টকাকৈ

নিয়মীয়া বাৰ্তা,  ৭ মে’ : বি এছ য়েডুৰাপ্পা নেতৃত্বাধীন কর্ণাটক চৰকাৰে ৰাজ্যখনৰ ক’ভিড–১৯ আক্রান্ত আৰু লকডাউনত অসহায় হৈ পৰা জনগণৰ বাবে ১,৬০০ কোটি টকাৰ লকডাউন সাহায্য ঘোষণা কৰিছে৷

উল্লেখ্য যে ৰাজ্যখনত আবদ্ধ প্রব্রজিত শ্রমিকে স্বগৃহলৈ যাত্রা কৰিব লগা ১০খনকৈ বিশেষ ৰে’লৰ যাত্রা কালি কর্ণাটক চৰকাৰে বাতিল কৰিছিল৷ ইয়াৰ কাৰণ চৰকাৰীভাৱে ঘোষণা কৰা নাই যদিও একাংশ সংবাদ মাধ্যমৰ মতে বাংগালুৰুৰ বিল্ডাৰৰ সঁজাতী দলে মুখ্যমন্ত্রীক সাক্ষাৎ কৰাৰ পাছতে হঠাৎ লোৱা হৈছিল এই সিদ্ধান্ত৷

আনহাতে,  এই পেকেজ ঘোষণাৰ জৰিয়তে লকডাউনত আবদ্ধ হোৱা ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগী, তাঁতশাল উদ্যোগ, উদ্যান শস্য, ধোবী, নাপিত, অ’টো আৰু টেক্সিচালককে ধৰি এনেধৰণৰ বহু উদ্যোগত জড়িত লোকসকলক সহায় কৰাৰ ব্যৱস্থা কৰিছে৷ এই পেকেজৰ জৰিয়তে ধোবী, নাপিত, অ’টো আৰু টেক্সি চালকসকলে এককালীন সাহায্য লাভ কৰিব৷

You might also like