হিজাব নিষিদ্ধঃ ছাত্ৰীয়ে বাদ দিছে কলেজ, আৰু পিছুৱাই যাব নেকি মুছলিম নাৰী সমাজ
বিশেষ বাৰ্তা, ১৭ মাৰ্চঃ কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ পাছত আৰু পিছুৱাই যাব নেকি মুছলিম নাৰী সমাজ? স্বাভাৱিকতে উঠা এক প্ৰশ্ন। কিয়নো কৰ্ণাটকৰ স্কুল-কলেজৰ পৰা পূৰ্বে হিজাব পিন্ধি অহা ছাত্ৰীয়ে টিচি লোৱা বুলি জানিব পৰা গৈছে। আন কিছুমান ছাত্ৰীয়ে এতিয়াও কলেজলৈ অহা নাই, হয়তো চিৰদিনলৈ নাহিব। উদুপিৰ চৰকাৰী এম জি এম কলেজৰ এগৰাকী ছাত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, তেওঁ যোৱা তিনি বছৰ ধৰি হিজাব পৰিধান কৰিছিল, কিন্তু এতিয়া কোনো উপায় নোহোৱাত তেওঁ হিজাব খুলিবলৈ বাধ্য হৈছে। কাৰণ পঢ়া সম্পূৰ্ণ কৰিব লাগিব। তেওঁ লগতে জনাই যে হিজাব খুলি অহাৰ পাছত হিন্দু সহপাঠী এজনীয়ে কাষলৈ আহি কৈছে এতিয়া তেওঁক তেওঁলোকৰ মাজৰ এজন যেন লাগিছে। এই মুছলিম ছাত্ৰীগৰাকীয়ে জনাইছে যে তেওঁলোকৰ কলেজৰ চূড়ান্ত বৰ্ষৰ ৪-৫ জনী ছাত্ৰীয়ে টিচি বিচাৰিছে। কিছুমানে এতিয়াও কলেজলৈ অহা নাই। কি হ’ব ক’ব পৰা নাই।