নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মাহত কাশ্মীৰত দুই শতাধিক সন্ত্রাসবাদী নিহত

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ জম্মু–কাশ্মীৰত চলিত বর্ষত সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযানত বিশেষভাৱে সফল হৈছে আৰক্ষী, সেনা আৰু চি আৰ পি এফ৷ তিনিওটা বাহিনীৰ যৌথ অভিযানত জম্মু–কাশ্মীৰত চলিত বর্ষৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে দুই শতাধিক সন্ত্রাসবাদী নিহত হৈছে৷ স্মর্তব্য যে কালি আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ যৌথ অভিযানত পুলৱামাৰ মালাংপোৰাত হিজবুল মুজাহিদীনৰ জম্মু–কাশ্মীৰৰ মুৰব্বী কমাণ্ডাৰ ছাইফুল ইছলাম ওৰফে ড০ ছাইফুল্লাহ নিহত হৈছিল৷ এতিয়ালৈকে বর্ষটোত হিজবুল মুজাহিদীনৰ দুজনকৈ মুৰব্বী নিৰাপত্তা বাহিনীৰ হাতত নিহত হোৱাটো সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান সফল হোৱা কথাকে সূচায় বুলি আৰক্ষীপ্রধান দিলবাগ সিঙে মন্তব্য কৰিছে৷ স্মর্তব্য যে যোৱা মে’ মাহত হিজবুলৰ মুৰব্বী ৰিয়াজ আহমাদ নাইকু নিহত হোৱাৰ পিছত ড০ ছাইফুল্লাই সংগঠনটোৰ নেতৃত্ব লৈছিল৷ নাইকু আৰু ছাইফুল্লা নিহত হোৱাৰ পিছত জম্মু–কাশ্মীৰত হিজবুল মুজাহিদীন নেতৃত্বহীন হৈ পৰা বুলি আৰক্ষীয়ে ঘোষণা কৰিছে৷ আৰক্ষীপ্রধানগৰাকীৰ্ মতে জানুৱাৰীৰ পৰা দুই শতাধিক সন্ত্রাসবাদী জম্মু–কাশ্মীৰত নিহত হৈছে৷ ইয়াৰে ১৯০টা সন্ত্রাসবাদী অকল কাশ্মীৰ অঞ্চলত নিহত হোৱা বুলি সদৰী কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে৷ অৱশ্যে নাইকু আৰু ছাইফুল্লা নিহত হোৱাৰ পিছতো কাশ্মীৰৰ কুলগাম, ছ’পিয়ান, পুলৱামা আৰু অনন্তনাগ জিলাত নতুনকৈ সন্ত্রাসবাদী সংগঠনটোত বহু যুৱকে যোগদান কৰিছে৷ এই যুৱকসকলৰ গৰিষ্ঠসংখ্যকেই অস্ত্রৰ প্রশিক্ষণ লাভ কৰা নাই বুলিও আৰক্ষী প্রধানগৰাকীয়ে আজি সংবাদ মাধ্যমক জনাইছে৷

You might also like