নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ খবৰ প্রকাশ নকৰিবলৈ কাশ্মীৰৰ সংবাদ পত্রক নির্দেশ

নিয়মীয়া বাৰ্তা ৬ ছেপ্টেম্বৰঃ কাশ্মীৰৰ মুছলমানসকলৰ বাবে কথা কোৱাৰ অধিকাৰ আছে বুলি তালিবানে দাবী কৰাৰ পিছতেই কঠোৰ হৈছে জম্মু–কাশ্মীৰৰ প্রশাসন৷ স্থানীয় সংবাদ পত্রসমূহক চৰকাৰৰ তৰফৰ পৰা তালিবান তথা আফগানিস্তানক লৈ কোনোধৰণৰ সংবাদ বা লেখা–মেলা প্রকাশ নকৰিবলৈ নির্দেশ দিছে প্রশাসনে৷ লক্ষণীয়ভাৱে তালিবানৰ এনেধৰণৰ বক্তব্য প্রকাশ পোৱাৰ পূর্বেই স্থানীয় প্রশাসনে এইক্ষেত্রত নজৰ ৰাখিছিল৷

বিশেষকৈ আফগানিস্তানৰ পৰিস্থিতিৰ যাতে কাশ্মীৰ উপত্যকাত কোনো ধৰণৰ প্রভাৱ নপৰে সেই সন্দর্ভত জম্মু–কাশ্মীৰ প্রশাসনে পূর্বৰে পৰা গুৰুত্ব প্রদান কৰি আহিছে৷ ১৫ আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ পিছদিনাখন দেশখনৰ ৰাষ্ট্রপতি আশ্রফ ঘানিয়ে পলায়ন কৰাৰ সংবাদ কাকতসমূহে প্রথম পৃষ্ঠাত প্রকাশ কৰিছিল৷ তেতিয়াই সংবাদ পত্রৰ সম্পাদকসকলক মাতি নি প্রশাসনে এনে ধৰণৰ সংবাদ পৰিহাৰ কৰি চলিবলৈ নির্দেশ দিছিল৷ শেহতীয়াকৈ প্রশাসনে আফগানিস্তান আৰু তালিবানৰ খবৰ প্রকাশ কৰিলে কাকতসমূহক চৰকাৰী বিজ্ঞাপন নিদিয়ে বুলি সতর্কবাণী কৰি দিছে৷ গতিকে আজি কাশ্মীৰৰ সংবাদ পত্রসমূহত তালিবান আৰু আফগানিস্তানক লৈ কোনোধৰণৰ খবৰ প্রকাশ কৰা হোৱা নাই৷ সংবাদ পত্রসমূহে এনেধৰণৰ খবৰ পৰিহাৰ কৰি চলাটো লক্ষণীয়৷

You might also like