নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত সন্ত্রাসবাদীৰ কার্যকলাপ হ্রাস ৩৬ শতাংশ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ বিগত বর্ষৰ ৫ আগষ্টত ঐতিহাসিক সিদ্ধান্তৰে সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলুপ্তিৰে জম্মু–কাশ্মীৰৰ বিশেষ মর্যাদা কর্তন কৰাৰ পিছত অঞ্চলটোত সন্ত্রাসবাদীৰ কার্যকলাপ ৩৬ শতাংশ হ্রাস পাইছে৷ জম্মু–কাশ্মীৰত নিৰাপত্তাজনিত পৰিস্থিতি অধিক উন্নত হৈছে বুলিও কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তথ্যত প্রকাশ পাইছে৷ ৫ আগষ্টৰ পিছৰে পৰা নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবিৰোধী অভিযানত অধিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ তথ্য মতে, চলিত বর্ষৰ ১৫ জুলাইলৈকে অঞ্চলটোত ১২০টা সন্ত্রাসজড়িত ঘটনা সংঘটিত হৈছে৷ ইয়াৰ পূর্বে ২০১৯ চনত এই সময়ছোৱাত কাশ্মীৰ উপত্যকাত ১৮০টা সন্ত্রাসজড়িত ঘটনা সংঘটিত হৈছিল৷ চলিত বর্ষত এতিয়ালৈকে নিৰাপত্তা বাহিনীৰ হাতত ১৩৬ সন্ত্রাসবাদী নিহত হৈছে৷ ইয়াৰ বিপৰীতে ২০১৯ত ১২৬ সন্ত্রাসবাদী নিহত হৈছিল৷কাশ্মীৰত ২০১৯ত ৫১ গ্রেনেড আক্রমণ সংঘটিত হোৱাৰ বিপৰীতে চলিত বর্ষত মাত্র ২১টাহে হৈছে৷ তেনেদৰে ২০১৯ বর্ষত ৭৫ নিৰাপত্তা বাহিনীৰ জোৱান আৰু ২৩ নিৰীহ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চলিত বর্ষত ৩৫ জোৱান আৰু ২২ নিৰীহ লোকৰ মৃত্যু হৈছে৷ আইইডিৰ আক্রমণ বিগত বর্ষত ৬টাৰ বিপৰীতে চলিত বর্ষত মাত্র এটাহে সংঘটিত হৈছে৷

You might also like