ৰাজ পৰিয়ালৰ গহীনতা ভংগ কৰি নৃত্যত মগ্ন উইলিয়াম-কেট
বিশেষ বাৰ্তা, ২১ মাৰ্চঃ ৰাজ পৰিয়ালৰ গহীনতা ভংগ কৰি নৃত্যত মগ্ন ডিউক এণ্ড ডাচ্চেছ অৱ কেম্ব্ৰিজ। ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ শাসনৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে কেৰিবিয়ান ৰাষ্ট্ৰসমূহলৈ ৰাজকীয় ভ্ৰমণলৈ গৈছে ৰাজকুমাৰ উইলিয়াম আৰু তেওঁৰ পত্নী কেট মিডলটন। লগত আছে সন্তান ৰাজকুমাৰ জৰ্জ আৰু ৰাজকুমাৰী চাৰ্লোট। প্ৰথমে তেওঁলোক উপস্থিত হৈছে বেলিজত।
Wow! What a welcome ?
It was a privilege to spend time with the Garifuna community and experience some of their traditions, here in Hopkins.
Thank you Mama G for hosting such a special event! pic.twitter.com/jX3u2dFEy5
— The Duke and Duchess of Cambridge (@KensingtonRoyal) March 20, 2022
ভ্ৰমণৰ দ্বিতীয় দিনা গেৰিফুনা সম্প্ৰদায়ৰ সাধাৰণ মানুহৰ মাজলৈ গৈ উইলিয়াম আৰু কেটে পৰম্পৰাগত গেৰিফুনা উংসৱত ভাগ লৈ গীতৰ তালে তালে নৃত্যও কৰিছে। ছ’ছিয়েল মিডিয়াত ভিডিঅ’টো বিয়পি পৰাৰ লগে লগে ব্ৰিটিছ ৰাজপৰিয়ালৰ অনুৰাগীসকলে বৰকৈ আনন্দ পাইছে। এই ভ্ৰমণত তেওঁলোকে বাহামাছ, জামাইকা আদি দেশসমূহো সামৰি ল’ব। উল্লেখণীয় যে, ইয়াৰ আগতে কেট আৰু উইলিয়ামে প্ৰথম ৰাজসিক ভ্ৰমণলৈ গৈছিল বিবাহৰ পাছত ২০১২ চনত।