নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিয়ালক ৰাজসাহায্য প্রদানত অভিলেখ কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে বিগত ৫ বছৰত প্রতিটো পৰিয়ালক ১.৫০ লাখকৈ টকা বিভিন্ন ক্ষেত্রত ৰাজসাহায্য হিচাপে প্রদান কৰিছে৷ বিদ্যুতৰ বিল তথা স্বাস্থ্য ক্ষেত্রত দিল্লীৰ প্রতিটো পৰিয়ালে গড়ে প্রতি মাহত ২,৪৬৪ টকাকৈ ৰাজসাহায্য লাভ কৰিবলৈ সক্ষম হৈছে৷

কেজৰিৱাল চৰকাৰৰ দৰে কোনো ৰাজ্যত চৰকাৰে ইমান ৰাজসাহায্য প্রদান কৰিবলৈ সক্ষম হোৱা নাই৷ দিল্লী চৰকাৰৰ পৰিকল্পনা বিভাগে চলোৱা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ সমীক্ষাটোত ১১খন জিলাৰ ৩৪৫০টা পৰিয়ালক লৈ চলোৱা হৈছিল৷

২০২০ চনৰ মার্চ মাহৰ তথ্য এই সমীক্ষাৰ বাবে গ্রহণ কৰিছিল পৰিকল্পনা বিভাগে৷ উল্লেখনীয় যে দিল্লীত একোটা পৰিয়ালক ২০০ ইউনিট পর্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰিছে কেজৰিৱাল চৰকাৰে৷ ২০০ ইউনিটতকৈ বেছি বিদ্যুৎ খৰচ হ’লে ন্যূনতম মাচুল লোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰে৷ অর্থাৎ বিদ্যুতৰ বিলৰ নামত প্রতি মাহত একোটা পৰিয়ালে ৭১৫ টকাকৈ লাভ কৰিছে৷

সেইদৰে চিকিৎসা ক্ষেত্রত প্রতিমাহে একোটা পৰিয়ালে ৬৯৩ টকাকৈ ৰাজসাহায্য লাভ কৰিছে চৰকাৰৰ পৰা৷

You might also like