কেৰালা বিমান দুৰ্ঘটনাঃ মৃতকক ১০ লাখ টকা সাহায্য ঘোষণা
নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ নাগৰিক উড়ণ মন্ত্ৰী হৰদীপ সিঙ পুৰিয়ে কেৰালা বিমান দুৰ্ঘটনাৰ মৃত্যু হোৱা লোক সকলৰ বাবে সাহায্য ঘোষণা কৰিছে। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকক ১০ লাখ টকা আৰু গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত লোকক ২ লাখ টকা আৰু সাধাৰণ আঘাতপ্ৰাপ্ত লোকসকলক ৫০০০০ টকা সাহায্য ঘোষণা কৰিছে।
উল্লেখ্য যে কেৰালাৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত দুজন পাইলটসহ নিহত ১৮ জন লোক আনহাতে আহত হৈছে ১২৭জনকৈ লোক। কেৰালাৰ ক’ঝিকোড় বিমান বন্দৰত এই দুৰ্ঘটনা। ডুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ দুটা খণ্ডত বিভক্ত হৈ পৰে। ৰান ৱেৰ পৰা আঁতৰি ৩৫ ফুট দ খাৱৈত বাগৰি পৰিছিল বিমানখন।