নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’মাত উত্তৰ কোৰিয়াৰ শাসক কিম জং উন

পুনৰ উনৰ স্বাস্থ্যক লৈ বিশ্বজুৰি ব্যাপক চর্চা

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  পুনৰ চর্চা উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ অসুস্থতাক লৈ৷ কেইমাহমান পূর্বে কিম জং উনৰ মৃত্যুৰ বাতৰিৰ চর্চা হৈ শাম কটাৰ অন্তত এইবাৰ কিম জং উন ক’মাত থকা বুলি আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত চর্চিত হৈছে৷ জটিল অস্ত্রোপচাৰৰ পিছত শাসক উনৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটি বর্তমান ক’মাত আছে৷ শাসকগৰাকীৰ স্বাস্থ্যৰ বাবেই তেওঁৰ ভগ্ণী কিম য়’ জঙক দেশখনৰ শাসনৰ দায়িত্ব প্রদান কৰা হৈছে বুলিও চর্চিত হৈছে৷ দ্য কোৰিয়া হেৰল্ড নামৰ সংবাদ সংস্থা এটিৰ সৈতে হোৱা কথোপকথনত ছাং চং মিন নামৰ এগৰাকী ৰাজনীতিকে উত্তৰ কোৰিয়াৰ শাসক কিম জং উন ক’মাত থকা বুলি প্রকাশ কৰিছে৷ অৱশ্যে উনৰ জীৱন শেষ হোৱা নাই বুলিও কয় ছাং চং মিনে৷ উত্তৰ কোৰিয়াৰ এসময়ৰ শাসক কিম দ্য জুঙৰ ৰাজনৈতিক সচিব হিচাপে কর্মৰত ছাং চং মিনে এই কথাও উল্লেখ কৰে যে কোনো উত্তৰ কোৰিয়াৰ নেতাই তেওঁলোকৰ শাসকগৰাকীৰ স্বাস্থ্য সন্দর্ভত মন্তব্য কৰা নাই৷ কিন্তু গোপনে শাসকগৰাকী ক’মাত থকাটো প্রায় নিশ্চিত হৈছে৷ দেশখনৰ শাসনৰ ভাৰ কাৰ হাতত অর্পণ কৰিব, সেয়া চূড়ান্ত হোৱা নাই যদিও ভগ্ণী কিম উন জুঙক এইক্ষেত্রত দায়িত্ব দি কার্যতঃ শাসনৰ ভাৰ দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে৷

You might also like