এসময়ৰ কিংমেকাৰ ৰামবিলাস পাছোৱানৰ চমু জীৱন পৰিক্ৰমা
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ দেশৰ দলিত সম্প্রদায়ৰ অন্যতম ৰাজনীতিক, কেন্দ্রীয় মন্ত্রী তথা লোক জনশক্তি পার্টীৰ প্রতিষ্ঠাপক ৰামবিলাস পাছোৱান আৰু নাই৷ নতুন দিল্লীৰ ব্যক্তিগত চিকিৎসালয়ত বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্রীয় গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্রী ৰামবিলাস পাছোৱানৰ পৰলোকপ্রাপ্তি ঘটে৷ হূদৰোগত আক্রান্ত কেন্দ্রীয় মন্ত্রীগৰাকী বিগত কেইবাসপ্তাহ ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে যোৱা ৪ অক্টোবৰত হূদযন্ত্রৰ অস্ত্রোপচাৰ কৰাৰ পাছত স্বাস্থ্যৰ অৱনতি ঘটে আৰু বৃহস্পতিবাৰে সন্ধিয়া মন্ত্রীগৰাকীৰ বিয়োগ ঘটা বুলি তেওঁৰ ৰাজনীতিক পুত্র ছিৰাগ পাছোৱানে টুইটযোগে প্রকাশ কৰিছে৷ দেশৰ ৰাজনীতিত পাঁচ দশক ধৰি সক্রিয় ভূমিকা গ্রহণ কৰি থকা দলিত নেতা ৰামবিলাস পাছোৱানৰ বিহাৰৰ খাগৰীয়াৰ চহৰবানীত ১৯৪৬ চনৰ ৫ জুলাইত জন্ম হৈছিল৷ পাটনা বিশ্ববিদ্যালয়ৰ পৰা কলাত স্নাতকোত্তৰ আৰু খোচি কলেজৰ পৰা আইনৰ স্নাতক ডিগ্রী লাভ কৰা ৰামবিলাস পাছোৱানে ১৯৬৯ চনত বিহাৰ আৰক্ষীত উপ–আৰক্ষী অধীক্ষক হিচাপে নির্বাচিত হৈছিল যদিও সেই চাকৰিত যোগদান নকৰি ১৯৬৯ চনতেই বিহাৰ বিধানসভালৈ নির্বাচিত হৈছিল৷ সংযুক্ত ছ’চিয়েলিষ্ট পার্টীৰ প্রার্থী হিচাপে সংৰক্ষিত বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নির্বাচিত হোৱা পাছোৱান ৰাজনাৰায়ণ আৰু জয়প্রকাশ নাৰায়ণৰ একান্ত অনুগামী আছিল৷ পিছলৈ লোকদলৰ সাধাৰণ সম্পাদৰ হিচাপে দায়িত্ব গ্রহণ কৰা পাছোৱানে জৰুৰীকালীন সময়ছোৱাত দেশৰ প্রখ্যাত ৰাজনীতিকৰ সম্পর্কলৈ আহে৷ লোকদলৰ সৈতে সম্পর্ক ছেদ কৰি পাছোৱানকে ধৰি কেইবাগৰাকীও বিখ্যাত নেতাই পিছলৈ লোকবন্ধু ৰাজনাৰায়ণৰ নেতৃত্বত গঠিত জনতা পার্টী এছত যোগদান কৰে৷ জৰুৰীকালীন সময়ছোৱাত গ্রেপ্তাৰ হোৱা পাছোৱানে সমগ্র জৰুৰীকালীন সময়ছোৱাত কাৰাগাৰত বন্দী হৈ থাকে৷ ১৯৭৭ চনত কাৰাগাৰৰ পৰা মুকলি হোৱা পাছোৱানে জনতা পার্টীত সদস্য হিচাপে যোগদান কৰে আৰু দলৰ পৰাই প্রার্থী হিচাপে সংসদলৈ নির্বাচিত হয়৷ সংসদৰ নির্বাচনত প্রতিদ্বন্দ্বী প্রার্থীক বৃহৎ ব্যৱধানত পৰাজয়ৰ বিশ্ব অভিলেখ গঢ়ে পাছোৱানে৷ ১৯৮০ চনত পুনৰ লোকসভালৈ নির্বাচিত হোৱাৰ লগতে ১৯৮৪ চনত বিহাৰৰ হাজীপুৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নির্বাচিত হয় পাছোৱান৷
উল্লেখ্য যে ১৯৮৩ চনত দলিতসকলৰ কল্যাণৰ বাবে পাছোৱানে দলিত সেনা স্থাপন কৰে৷ অৱশ্যে পিছলৈ এই দলিত সেনাৰ দায়িত্ব গ্রহণ কৰে তেওঁৰ ভাতৃ ৰামচন্দ্র পাছোৱানে৷ ১৯৮৯ চনত নৱম লোকসভালৈও নির্বাচিত হয় পাছোৱান৷ বিশ্বনাথ প্রতাপ সিঙৰ চৰকাৰত পাছোৱানে শ্রম আৰু কল্যাণৰ কেন্দ্রীয় মন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে৷ পৰৱর্তী সময়ত কেন্দ্রীয় ৰে’লমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰি পাছোৱানে ১৯৯৮লৈ এই দায়িত্বত থাকে৷ পৰৱর্তী সময়ত ১৯৯৯ চনৰ অক্টোবৰৰ পৰা ২০০১ চনৰ ছেপ্টেম্বৰলৈকে পাছোৱানে কেন্দ্রীয় যোগাযোগ মন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে৷ পিছলৈ পাছোৱানক কেন্দ্রীয় কয়লা মন্ত্রী হিচাপে দায়িত্ব অর্পণ কৰে আৰু তেওঁ ২০০২ চনৰ এপ্রিললৈকে দায়িত্বত থাকে৷ আনপিনে ২০০০ চনত জনতা দলৰ পৰা পৃথক কৰি পাছোৱানে লোক জনশক্তি (এল জে পি) দল গঠন কৰে৷ ২০০৪ চনৰ লোকসভা নির্বাচনৰ পাছত পাছোৱানে ইউ পি এ চৰকাৰত চামিল হয় আৰু চৰকাৰত তেওঁ ৰাসায়নিক আৰু সাৰ, তীখা মন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে৷ আনপিনে, ২০০৫ চনৰ ফেব্রুৱাৰীত বিহাৰ বিধানসভা নির্বাচনত পাছোৱানৰ দল এল জে পিয়ে ভাৰতীয় জাতীয় কংগ্রেছৰ সৈতে মিলিত হৈ প্রতিদ্বন্দ্বিতা কৰে যদিও ফলাফল সুখকৰ নহ’ল৷ বিহাৰৰ লগতে দেশৰ ৰাজনীতিত অন্যতম দক্ষ ৰাজনীতিক হিচাপে পৰিচিত পাছোৱানে পাঁচগৰাকী প্রধানমন্ত্রীৰ তলত কেন্দ্রীয় মন্ত্রী হিচাপে কার্যনির্বাহ কৰাৰ অভিজ্ঞতা লাভ কৰিছিল৷ ১৯৯৬ চনৰ পৰা কংগ্রেছ নেতৃত্বাধীন ইউ পি এৰ পৰা বর্তমানৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰলৈকে কেন্দ্রীয় মন্ত্রীৰ দায়িত্বত থকা পাছোৱানে আঠবাৰ সাংসদ হিচাপে নির্বাচিত হৈছিল৷ ২০১৪ চনৰ লোকসভা নির্বাচনত হাজীপুৰ সমষ্টিৰ পৰা ষষ্ঠদশ লোকসভালৈ পাছোৱান নির্বাচিত হোৱাৰ বিপৰীতে তেওঁৰ পুত্র ছিৰাগ পাছোৱান জামুই সমষ্টিৰ পৰা নির্বাচিত হৈছিল৷ ২০১৪ চনত মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰত গ্রাহক সুৰক্ষা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা পাছোৱানক ২০১৯ চনত মোদী চৰকাৰৰ দ্বিতীয় কার্যকালতো একেই বিভাগত দায়িত্ব অর্পণ কৰা হয়৷ দুবাৰকৈ বিবাহপাশত আবদ্ধ হোৱা পাছোৱানৰ প্রথম পত্নীৰ দুই কন্যা আৰু দ্বিতীয় পত্নীৰ এটা পুত্র সন্তান আৰু কন্যা সন্তান আছে৷ দ্বিতীয় পত্নীৰ পুত্র ছিৰাগ পাছোৱান বর্তমান লোকসভাৰ সাংসদ আৰু এল জে পিৰ মুৰব্বী৷ আম্বেদকাৰবাদী কেন্দ্রীয় মন্ত্রী পাছোৱানৰ বিয়োগত প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আদিয়ে গভীৰ শোক প্রকাশ কৰে৷ আনহাতে, অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্ত–শিক্ষা–স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষি মন্ত্রী অতুল বৰাৰ লগতে লোক জনশক্তি পার্টীৰ অসম ৰাজ্যিক কমিটীৰ কার্যকৰী সভাপতি সোণমণি দাসে গভীৰ শোক প্রকাশ কৰে৷