নিয়মীয়া বাৰ্তা, ১৮ মে’: নাৰদ ষ্টিং অপাৰেচন গোচৰত দুই মন্ত্রীসহ চাৰিজনক গ্রেপ্তাৰ কৰাক লৈ উত্তপ্ত হৈ পৰিল পশ্চিমবংগৰ ৰাজধানী কলকাতা৷ মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছৰ দুগৰাকী মন্ত্রী, এগৰাকী বিধায়ক আৰু এজন প্রাক্তন মন্ত্রীক সোমবাৰে পুৱা চিবিআয়ে গ্রেপ্তাৰ কৰাৰ পিছতে কলকাতা উত্তপ্ত হৈ পৰে৷ তৃণমূল কংগ্রেছ কর্মী–সমর্থকে আগ্রাসী ৰূপ লৈ চিবিআইৰ কার্যালয়ৰ সন্মুখত বিক্ষোভ প্রদর্শন কৰাৰ লগতে শিলগুটি নিক্ষেপ কৰি কার্যালয় চৌহদত সোমাবলৈ চেষ্টা কৰে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ উক্ত অঞ্চলত মোতায়েন হৈ থকা আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয়৷
ইপিনে, দুই মন্ত্রী ক্রমে ফিৰহাদ হাকিম, সুব্রত মুখার্জী, বিধায়ক মদন মিত্র আৰু প্রাক্তন মন্ত্রী শোভেন মুখার্জীক গ্রেপ্তাৰ কৰাৰ পিছতে ৰণচণ্ডী মূর্তি লৈ নিজাম পেলেচৰ চিবিআই কার্যালয়ত প্রৱেশ কৰে মমতা বেনার্জীয়ে৷ ক’ৰোনা কালৰ মাজতে দলে–বলে সতীর্থসহ মুখ্যমন্ত্রী বেনার্জীয়ে চি বি আইৰ কার্যালয়ত প্রৱেশ কৰি মোকো গ্রেপ্তাৰ কৰক বুলি দাবী কৰি বিৰোধ কৰে৷ চিবিআইৰ ডিআইজিক শীঘ্রে মন্ত্রীসহ ৪জনক মুকলি কৰি দিয়াৰ দাবীৰে মুখ্যমন্ত্রী বেনার্জীয়ে চিবিআই কার্যালয়ত কেইবাঘণ্টা ধৰি বহি থাকে৷
ইপিনে, একাংশ তৃণমূল কংগ্রেছৰ কর্মীয়ে ৰাজ্যপাল জগদীপ ধনখৰৰ উপস্থিতিতেই ৰাজভৱনৰ সন্মুখত প্রতিবাদ–ধর্ণা ৰূপায়ণ কৰে৷ কার্যতঃ চিবিআই কার্যালয় আৰু ৰাজভৱনৰ চৌহদ ৰণক্ষেত্রত পৰিণত হৈ পৰে৷ দুই মন্ত্রীসহ চাৰিজন তৃণমূল কংগ্রেছ নেতাক চিবিআয়ে নীতি–নিয়ম নমনাকৈ গ্রেপ্তাৰ কৰাক লৈ ক্ষুণ্ণ মমতা বেনার্জীয়ে চিবিআইৰ কার্যালয়ত উত্তেজনাময় পৰিস্থতি সৃষ্টি কৰে৷
ইপিনে, চিবিআয়ে ৰাজ্যখনৰ দুই মন্ত্রীসহ চাৰিজনক গ্রেপ্তাৰ কৰাৰ পিছত তৃণমূল কংগ্রেছ কর্মীয়ে চিবিআই কার্যালয় আৰু ৰাজভৱনৰ সন্মুখত যি ধৰণৰ অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেই সন্দর্ভত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে ৰাজ্যপাল জগদীপ ধনখৰে৷ ৰাজ্যখনত সম্পূর্ণ আইন–শৃংখলাহীন পৰিৱেশ আৰু নৈৰাজ্যবাদৰ সৃষ্টি হোৱা বুলি ৰাজ্যপালগৰাকীয়ে অভিযোগ কৰিছে৷
উল্লেখ্য যে সোমবাৰে পুৱা চিবিআয়ে কেন্দ্রীয় বাহিনীৰ জোৱান লগত লৈ দুই মন্ত্রী আৰু দুই জ্যেষ্ঠ নেতাৰ ঘৰলৈ গৈ তেওঁলোকক চিবিআইৰ কার্যালয়লৈ লৈ আহে আৰু পাছলৈ উক্ত চাৰিজনক গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰৰ বাতৰি বিয়পি পৰাৰ লগে লগে কলকাতা চহৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়৷ তাৎপর্যপূর্ণ যে চিবিআয়ে গ্রেপ্তাৰ কৰা শোভন চেটার্জীয়ে ২০১৯ চনত তৃণমূল কংগ্রেছ ত্যাগ কৰিছিল যদিও শেহতীয়া বিধানসভা নির্বাচনৰ পূর্বে পুনৰ তৃণমূলত যোগদান কৰিছিল৷ চিবিআয়ে প্রকাশ কৰা মতে কালি গ্রেপ্তাৰ কৰা আটাইকেইজন তৃণমূল কংগ্রেছৰ নেতাই ২০১৪ চনত নাৰদ নিউজে চলোৱা ষ্টিং অপাৰেচনত ৪ৰ পৰা ৫ লাখ টকা উৎকোচ লোৱাৰ তথ্য আছে৷ শেহতীয়া তথ্য মতে, কলকাতাৰ চিবিআইৰ বিশেষ আদালতে সোমবাৰে পুৱা গ্রেপ্তাৰ কৰা তৃণমূল কংগ্রেছৰ মন্ত্রীসহ নেতাকেইজনক জামিন মঞ্জুৰ কৰিছে৷