নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখ সীমান্তত ৩৫ টেংক মোতায়েন চীনৰ

ভয়ংকৰ ভাৰতবিৰোধী ষড়যন্ত্র

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ লাডাখৰ পূব প্রান্তৰ এল এ চিৰ বিবদমান অঞ্চলত সেনা প্রত্যাহাৰেৰে যথাস্থিতি বাহাল ৰখাৰ সন্মতি প্রদান কৰাৰ পাছতো ৰঙা চীনে গোপনে আন এক ষড়যন্ত্র চলাইছে৷ এল এ চিত ভাৰত–চীন সেনাৰ মাজত চলি থকা উত্তেজনা হ্রাস কৰাৰ লগতে অঞ্চলটোত সুস্থিৰতা বর্তাই অনাৰ লক্ষ্যৰে ৭খনকৈ দুই দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয় যদিও সঠিক মীমাংসা হোৱা নাই৷ অৱশ্যে এল এ চিৰ বিবদমান অঞ্চলৰ পৰা দুই দেশৰ সেনা পিছুৱাই অনাৰ সহমতত উপনীত হয়৷ চীনে এইক্ষেত্রত দুমুখীয়া নীতি গ্রহণ কৰি থকাৰ পাছত এল এ চিৰ ভাৰতীয় নিৰীক্ষণ চকীৰ বিপৰীত স্থানত চীনে যুদ্ধ টেংক মোতায়েন কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ভাৰতক প্রৰোচিত কৰি এল এ চিৰ ভাৰতীয় নিৰীক্ষণ চকীৰ বিপৰীত দিশৰ ৰেজাং লা, ৰেচিন লা আৰু মুখশ্রীত টেংকসহ চীনৰ সেনা মোতায়েন কৰা হৈছে৷ এল এ চিত যুদ্ধংদেহি মনোভাব লৈ থকা ভাৰতীয় সেনাৰ স্থিতিক প্রৰোচনা কৰাৰ বাবেই চীনে উক্ত তিনি স্থানৰ বিপৰীতে ৩০–৩৫খন টেংক মোতায়েন কৰিছে৷ তাৎপর্যপূর্ণ যে জুন মাহত চীনৰ সেনাৰ সৈতে ভাৰতীয় সেনাৰ মুখামুখি সংঘর্ষৰ পাছত যোৱা ২৯–৩০ আগষ্টত ভাৰতীয় সেনাই ৰেজাং লা, ৰেচিন লা আৰু মুখশ্রী দখল কৰিবলৈ সক্ষম হয়৷ এই স্থানৰ কিছু নিলগত ভাৰতীয় সেনাৰ সন্মুখত চীনে ৩০–৩৫খন টেংকসহ সেনা মোতায়েন কৰিছে৷ এই টেংকসমূহ লঘু যদিও অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰা হৈছে৷ চীনে এল এ চিত ভাৰতীয় সেনাক প্রৰোচিত কৰাৰ বাবে টেংকসহ জোৱান মোতায়েন কৰিলেও উল্লিখিত স্থানত ভাৰতীয় সেনাবাহিনী চীনক প্রত্যুত্তৰ দিয়াৰ বাবে সম্পূর্ণ সাজু হৈ আছে৷ চীনৰ সেনাবাহিনীক প্রতিহত কৰিবলৈ প্রথমবাৰ বাবে ১৭ হাজাৰ ফুট উচ্চতাত টেংক মোতায়েন কৰিছে ভাৰতীয় সেনাবাহিনীয়ে৷ ৰেজাং লা, ৰেচিন লা আৰু মুখশ্রীত ভাৰতে টেংক সাজু কৰি ৰাখিছে৷ প্রতিৱেশী ৰাষ্ট্র চীনৰ যিকোনো দুঃসাহসী দখলদাৰী কার্যক প্রতিহত কৰিবলৈ সীমান্তত সাজু হৈ আছে ভাৰতীয় সেনাবাহিনী৷ এই কথা চি ডি এছ জেনেৰেল বিপিন ৰাৱাট, তিনি সেনাৰ মুৰব্বীয়ে ইতিমধ্যে ঘোষণা কৰিছে৷

You might also like