নিয়মীয়া বাৰ্তা, ১৯ জুনঃ লাডাখৰ গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘর্ষৰ পাছতে চীনৰ আগ্রাসন প্রতিৰোধকল্পে তৎপৰ হৈ পৰিছে নতুন দিল্লী৷ এনে তৎপৰতাৰ অংশ স্বৰূপে ভাৰত–চীন সীমান্তৰ সামৰিক নীতিৰ পৰিৱর্তন ঘটোৱা হৈছে৷
প্রধানতঃ বেইজিঙে বুজাবুজিৰ চর্ত উলংঘা কৰাৰ বাবেই নতুন দিল্লীয়ে গ্রহণ কৰিছে এনে পদক্ষেপ৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি নতুন সামৰিক নীতিৰ অধীনত প্রকৃত নিয়ন্ত্রণৰেখা (এল এ চি)ত দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত সেনাবাহিনীক প্রদান কৰা হ’ব ‘ফ্রী হেণ্ড’৷ পিছে স্বাভাৱিকতে প্রশ্ণ হৈছে সেনাবাহিনীক ‘ফ্রী হেণ্ড’ দিয়াৰ অর্থ কি? ইয়াৰ অর্থ হ’ল– সেনাবাহিনীৰ বাবে অস্ত্র–শস্ত্র ব্যৱহাৰত আৰু কোনো বাধ্যবাধকতা নাথাকিব৷ প্রয়োজন হ’লেই আগ্রাসী ড্রেগন বাহিনীক আগ্ণেয়াস্ত্রৰ গর্জন শুনাব পাৰিব ভাৰতীয় সেনাই৷
সীমান্তত কেতিয়া কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়, তাৰ ওপৰত লক্ষ্য ৰাখি ভাৰতীয় সেনাৰ কর্তৃত্বশীল বিষয়াই প্রত্যাক্রমণৰ সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷ অঘোষিতভাৱে ছাউথ লোকৰ তৰফৰ পৰা ভাৰতীয় সেনাক এনেধৰণৰেই অনুমতি প্রদান কৰা হৈছে বুলি ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ৷ উল্লেখ্য যে ভাৰত–চীন সীমান্তত ৪৫ বছৰ ধৰি কোনোধৰণৰ গুলীচালনাৰ ঘটনা সংঘটিত হোৱা নাই৷ সীমান্তত যদি কোনো সংঘাতৰ উদ্ভৱ ঘটে, তেন্তে আলাপ–আলোচনাৰ মাজেৰে সেয়া সমাধান ঘটোৱাৰ বিষয়টো দ্বিপাক্ষিক বুজাবুজিৰ চর্তাৱলীত বিশদভাৱে উল্লেখ আছে৷ কিন্তু যোৱা সোমবাৰে নিশা গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘর্ষই চীনৰ স্বৰূপ উদঙাই দিয়াৰ পাছত এতিয়া কঠোৰ হৈছে নতুন দিল্লী৷ ইতিপূর্বেও চীনৰ পিপ্লছ লিবাৰেচন আর্মী (পি এল এ)–এ বহুবাৰ আগ্রাসী মনোভাবেৰে ভাৰত ভূখণ্ডত প্রৱেশ কৰিছে৷ চুবুৰীয়া ৰাষ্ট্রখনে বহু সময়ত মানি চলা নাই আদর্শ আচৰণবিধি (এছ অ’ পি)৷ চীনৰ এনেধৰণৰ আচৰণৰ পৰিপ্রক্ষিততে ভাৰতে এল এ চিৰ সামৰিক নীতি নতুনকৈ বিবেচনা কৰা বুলি প্রকাশিত বাতৰিত উল্লেখ কৰা হৈছে৷ আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও ভাৰতৰ এনে সিদ্ধান্ত বিবেচিত হৈছে যথেষ্ট তাৎপর্যপূর্ণ ৰূপে৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ এই তৎপৰতাই সেনাবাহিনীৰ মনোবল বৃদ্ধি কৰিব বুলি সামৰিক বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷
ভাৰতীয় সেনাৰ অৱসৰপ্রাপ্ত শীর্ষ বিষয়া মেজৰ জেনেৰেল অৰুণ ৰায়ে বিষয়টো সন্দর্ভত নিজৰ প্রতিক্রিয়া ব্যক্ত কৰিছে এইদৰে– ‘সেনাবাহিনীক অস্ত্র–শস্ত্রৰে যুদ্ধৰ প্রশিক্ষণ দিয়া হয়, লাঠী লৈ মাৰপিটৰ প্রশিক্ষণ নিদিয়ে৷ এতিয়া যদি বাধা–নিষেধ উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হয়, তেন্তে স্বাভাৱিকতে এয়া সেনাবাহিনীৰ বাবে সুবিধাজনক হ’ব৷ কি পৰিস্থিতিত কি কাম কৰিব লাগে, সেয়া সেনাবাহিনীয়ে ভালদৰে জানে৷ আমি বহুবাৰ সীমান্ত স্থায়ীভাৱে চিনাক্ত কৰাৰ কথা চীনক কৈ আছোঁ৷ তেওঁলোকক নিজৰ মানচিত্র লৈ আহিবলৈও কোৱা হৈছিল৷ কিন্তু কোনো কাৰণতে চীনে মানচিত্র দেখুৱাবলৈ আগ্রহী নহয়৷’ অনুৰূপ মন্তব্য কৰিছে কর্নেল সৌমিত্র ৰায়েও৷ তেওঁ কয়– ‘সীমান্ত চিনাক্ত নোহোৱাৰ দোহাই দিয়েই চীনে বাৰম্বাৰ সীমান্ত সম্পর্কত নিজৰ ভাষ্য পৰিৱর্তন কৰি আহিছে৷ বাৰে বাৰে চুবুৰীয়া ৰাষ্ট্রখনে সীমা অতিক্রমি ভাৰতৰ ভূখণ্ডত প্রৱেশ কৰে৷ মাজে মাজে আনকি ভাৰতৰ মাটিত চীনৰ সেনাবাহিনীয়ে শিবিৰো স্থাপন কৰিছে৷ ইফালে, গালৱানৰ ঘটনাৰ পাছতে ভাৰত–চীন সীমান্তৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে৷ এল এ চিত মোতায়েন কৰা হৈছে অতিৰিক্ত সেনাবাহিনী৷ সেইদৰে ভাৰত মহাসাগৰতো নৌসেনাৰ শক্তি বৃদ্ধি কৰা হৈছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত এই সম্পর্কীয় বাতৰি অনুসৰি লাডাখত সম্প্রতি নিয়োজিত কৰা হৈছে সেনাৰ তিনিটাকৈ ইনফেণ্ড্রী ডিভিজনৰ উপৰি দুটা ব্রিগেডো৷ সেইদৰে হিমাচল প্রদেশ সংলগ্ণ সীমান্তলৈ অতিৰিক্ত বাহিনী প্রেৰণ কৰা হৈছে৷ উত্তৰাখণ্ডৰ গাৰোৱাল আৰু কুমাও ছেক্টৰতো নিৰাপত্তা সুদীর্ঘ কৰা হৈছে৷ ছিকিম আৰু অৰুণাচল প্রদেশতো গ্রহণ কৰা হৈছে অনুৰূপ তৎপৰতা৷
জম্মু–কাশ্মীৰ, লাডাখ আৰু হিমাচলত সম্প্রতি আছে নর্ডার্ন আর্মী কমাণ্ডৰ ৩৪ হাজাৰ জোৱান৷ উত্তৰাখণ্ডত চেণ্ড্রেল আর্মী কমাণ্ডৰ তৰফৰ পৰা নিয়োজিত কৰা হৈছে ১৫ হাজাৰ সেনা৷ সেইদৰে ছিকিম, অৰুণাচল প্রদেশ, অসম, নাগালেণ্ড আৰু বংগোত ২,২৫,০০০ জোৱান মোতায়েন হৈ আছে৷ তদুপৰি সম্ভাব্য যিকোনো পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সেনাবাহিনীক সকলো ফালৰ পৰা সাজু হৈ থাকিবলৈ নির্দেশ দিছে প্রতিৰক্ষা মন্ত্রালয়ে৷ ড্রেগন বাহিনীৰ আগ্রাসন প্রতিৰোধ কৰিব পৰাকৈ নৌসেনা বাহিনীক মালাক্কা ষ্ট্রেইটত প্রয়োজনীয় সংখ্যক জোৱান আৰু যুদ্ধ জাহাজ সাজু কৰি ৰাখিবলৈ কোৱা হৈছে৷ বায়ুসেনা বাহিনীয়েও পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে সাজু কৰি ৰাখিছে যুদ্ধ বিমান৷