লাডাখ সীমান্তৰ বায়ুসেনা ঘাটিত শক্তি বৃদ্ধি চীনৰ
সহমতত উপনীত হৈও ভাৰতক বিশ্বাসঘাতকতা বেইজিঙৰ
নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ লাডাখৰ গালৱান উপত্যকাত চীন–ভাৰত সেনাৰ মাজত সংঘাতৰ ফলত সৃষ্ট উত্তেজনাময় পৰিৱেশ সুস্থিৰ কৰাৰ লক্ষ্যৰে দুয়ো দেশৰ মাজত সামৰিক–কূটনৈতিক আলোচনাত সেনা প্রত্যাহাৰৰ সহমতত উপনীত হৈও চীনে গোপনে সামৰিক শক্তি বৃদ্ধি কৰি আছে৷ আলোচনামর্মে হটস্প্রিংছৰ পৰা চীনে সেনা প্রত্যাহাৰ কৰিলেও কৌশলগতভাৱে অতি গুৰুত্বপূর্ণ পেংয়ং হ্রদ আৰু গ’গ্রা পোষ্টত ৪০ হাজাৰতকৈ অধিক সেনা মোতায়ন কৰি ৰাখিছে৷ এই তথ্যৰ পিছত চীনৰ সীমান্তত আন এক গোপন তথ্য পোহৰলৈ আহিছে৷ দেশখনৰ বায়ুসেনা বাহিনীয়ে অর্থাৎ পিপলছ লিবাৰেচন আর্মী এয়াৰফ’চ (পিএলএএফ)–এ ভাৰতীয় সীমান্তত থকা বায়ুসেনা ঘাটি আৰু বিমানবন্দৰসমূহত্ সমৰসজ্জা গঢ়ি তুলিছে৷ সীমান্তৱর্তী হ’টান, লহাছা/গংগাৰ, গুণছা আৰু জিগাজে বিমান ঘাটি আৰু বিমানবন্দৰত বায়ুসেনা বাহিনীয়ে শক্তিশালী যুদ্ধ বিমান সাজু কৰি ৰাখিছে৷ উল্লেখ্য যে পিএলএএফ–এ ভাৰতৰ কাশ্মীৰ, উত্তৰ ভাৰত আৰু উত্তৰ–পূব ভাৰতক আক্রমণৰ লক্ষ্য হিচাপে লৈ সাজু হৈ আছে৷ আনহাতে, সীমান্তৰ সমীপত ৪০ হাজাৰ স্থলসেনা মোতায়ন হৈ আছে বুলি তথ্য প্রকাশ পালেও প্রকৃততে এই অঞ্চলসমূহত চীনৰ স্থলসেনা বাহিনীৰ ২–২.৩ লাখতকৈ অধিক জোৱান সাজু হৈ আছে৷ এই জোৱানসকলে যুদ্ধাস্ত্রৰ লগতে যুদ্ধৰ সকলো প্রস্তুতিৰে অহৰহ অঞ্চলটোত মোতায়েন হৈ আছে৷ উক্ত অঞ্চলটোত মোতায়ন হৈ থকা পিএলএএফৰ ৱেষ্টার্ন থিয়েটাৰ কমাণ্ডোৰ হাতত ১৫৭তকৈ অধিক যুঁজাৰু বিমান থকাৰ লগতে অনেক বিভিন্ন প্রকাৰৰ অস্ত্রসজ্জিত ড্র’ন আছে৷ এই তালিকাত ২০ জিজে–১/ডব্লিউ ডি ১ কে ইউএভি, ১২ ডব্লিউ ডি ১ গ্রাউণ্ড এটাত ইউএভি, ১২ ডব্লিউ ডি ১ আক্রমণকাৰী ইউএভি আৰু ৮ ই এ–০৩ ইলেকট্রনিক যুদ্ধাস্ত্র ইউএভি আছে৷ উল্লেখ্য যে কালি ভাৰতৰ কেন্দ্রীয় গৃহ মন্ত্রালয়ে এলএচিত দুয়ো দেশে সেনা প্রত্যাহাৰ কৰি লাডাখৰ পৰিস্থিতি সুস্থিৰ কৰাৰ বাবে সহমতত উপনীত হ’লেও সীমান্তৱর্তী অঞ্চলত চীনৰ সমৰসজ্জাই আন এক ছবিহে প্রতিফলিত কৰে৷