নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখত ভাৰততকৈ চীনা সৈন্যৰ ক্ষয়–ক্ষতি বেছি হৈছে

চোৰাংচোৱাৰ উদ্ধৃতিৰে আমেৰিকাৰ তথ্য

নিয়মীয়া বাৰ্তা ১৮ জুনঃ লাডাখৰ গলৱান উপত্যকাত ভাৰত–চীনৰ সেনা সংঘর্ষক লৈ উদ্বিগ্ণতা প্রকাশেৰে দুয়ো দেশক সংযমী হ’বলৈ ৰাষ্ট্রসংঘই আহ্বান জনোৱাৰ পাছত এই পৰিস্থিতিক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে আমেৰিকা যুক্তৰাষ্ট্র আৰু গ্রেট ব্রিটেইনে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ হোৱাইট হাউছে প্রকাশ কৰা বিবৃতিত উল্লেখ কৰা মতে এল এ চিত ভাৰত আৰু চীনৰ সেনাৰ মাজৰ পৰিস্থিতিক লৈ সূক্ষ্ম নিৰীক্ষণ কৰি আছে দেশখনে৷ ভাৰতীয় সেনাই ২০জন জোৱান মৃত্যু হোৱা বুলি প্রকাশ কৰিছে৷ তেওঁলোকৰ পৰিয়াললৈ শোকবার্তা প্রেৰণ কৰা বুলি বিবৃতিত উল্লেখ কৰা হৈছে৷ বিবৃতিত এই কথাও উল্লেখ কৰা হৈছে যে যোৱা ২ জুনত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ টেলিফোনিক বার্তালাপত লাডাখত ভাৰত–চীনৰ উত্তেজনাময় পৰিস্থিতি শাম কটোৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রই সমর্থন জনাব বুলিও আশ্বাস দিছিল৷ ইপিনে কালি নিশাই আমেৰিকা যুক্তৰাষ্ট্রই চোৰাংচোৱা সূত্রৰ আধাৰত লাডাখত ভাৰততকৈ চীনৰ সৈন্য বেছি ক্ষতি হোৱা বুলি প্রকাশ কৰিছে৷ দেশখনে প্রকাশ কৰা মতে, চীনৰ ৪৩তকৈ অধিক সেনা জোৱান হতাহত হৈছে৷ আনহাতে, গ্রেট ব্রিটেইনৰ উচ্চায়ুক্তই লাডাখ সন্দর্ভত প্রথম প্রতিক্রিয়া ব্যক্ত কৰি সীমান্তৰ এই বিষয়টো আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ আহ্বান জনাইছে৷ ব্রিটিছ উচ্চায়ুক্তৰ মুখপাত্রই বিবৃতিত প্রকাশ কৰা মতে, লাডাখত ভাৰত–চীনৰ সেনাৰ সংঘর্ষ স্পষ্টকৈ উদ্বিগ্ণতাৰ বিষয়৷ তেওঁলোকে আশা ব্যক্ত কৰে যে ভাৰত–চীনে হিংসাৰ কোনো এখন দেশে আশ্রয় নিদিয়ে৷ আলোচনাৰ জৰিয়তে সীমান্ত সম্পর্কীয় বিষয়টো সমাধান কৰিব লাগে৷

You might also like