নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডৰ এটা ৰহস্যময় জলাশয়, য’ত ৮০০ মানুহৰ মৰণোত্তৰ অৱশেষ আজিও আছে পৰি

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ সমুদ্রপৃষ্ঠৰ পৰা ৫,০২৯ মিটাৰ উচ্চতাত হিমাচলৰ এক জলাশয়ক লৈ কেইবাদশক ধৰি অব্যাহত আছে ৰহস্য৷ গিৰিৰাজ হিমালয়ৰ এই জলাশয়ৰ নাম হৈছে ‘ৰূপকুণ্ড লেক’৷

ভাৰতৰ উচ্চতম পর্বত ত্রিশূলৰ ওপৰত থকা এই জলাশয়ত আছে কেইবাশও লোকৰ মৰণোত্তৰ অৱশেষ৷ ১৯৪২ চনত এগৰাকী ব্রিটিছ বন বিষয়াই প্রথম এই ৰহস্যময় জলাশয়ৰ সন্ধান লাভ কৰিছিল৷

তেতিয়াই ইয়াৰ নামকৰণ কৰা হৈছিল ‘লেক অৱ স্কেলেটন’৷ অর্ধ–শতিকাতকৈ অধিক কাল ধৰি বিজ্ঞানী আৰু শৰীৰ বিদ্যা বিশেষজ্ঞসকলৰ বাবে এই লেক অৱ স্কেলেটন হৈ আছে অধ্যয়নৰ বিষয়বস্তু৷

বছৰটোৰ সৰহভাগ সময় বৰফ হৈ থকা এই জলাশয়ত গ্রীষ্মকালত মাত্র কিছুদিনৰ বাবে দেখিবলৈ পোৱা যায় মৃতদেহবোৰৰ হাড় আৰু মূৰবোৰ৷ এতিয়াও কিছুমান মৃতদেহৰ মাংস সতেজ হৈ আছে অত্যধিক শীতৰ বাবে৷

লক্ষণীয়ভাৱে আজিৰ সময়ত এই লেক অৱ স্কেলেটন দেশী–বিদেশী পর্যটকসকলৰো আকর্ষণৰ কেন্দ্রবিন্দু৷ বিজ্ঞানীসকলে অনুমান কৰা অনুসৰি প্রায় ৮০০ মানুহৰ মৰণোত্তৰ অৱশেষ আছে এই জলাশয়ত৷

কেনেদৰে ইমানসংখ্যক লোকৰ মৃতদেহ এই জলাশয়ত থাকি গ’ল তাক লৈ আজিও চলি আছে ৰহস্য৷ এই লোকসকল কোন আছিল? কেনেদৰে ইয়ালৈ আহিল? তাক লৈও গৱেষণা চলি আছে কেইবাদশক ধৰি৷

একাংশ ইতিহাসবিদৰ মতে ১৮৪১ চনত ভাৰতীয় সেনাই তিব্বত দখলৰ চেষ্টা চলোৱা সময়ত বহু সৈনিকৰ মৃত্যু হৈছিল৷ সেই সৈনিকসকলৰেই মৰণোত্তৰ অৱশেষ জমা হৈ আছে এই জলাশয়ত৷

You might also like