কিংবদন্তি শিল্পী লতা মংগেশকাৰৰ অট্টালিকা ছীল
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কিংবদন্তি শিল্পী লতা মংগেশকাৰৰ আৱাসিক অট্টালিকা প্রভুকুঞ্জ ছীল কৰিছে ব্রিহান মুম্বাই মিউনিচিপাল কর্প’ৰেচনে৷ বিএমচিয়ে প্রকাশ কৰা মতে, মুম্বাইত ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি শিল্পীগৰাকীৰ অট্টালিকাটো প্রাক্ সাৱধনতা হিচাপে ছীল কৰা হৈছে৷ শিল্পীগৰাকী আৰু তেওঁৰ পৰিয়াল নিৰাপদে আছে৷ পৰিয়ালে প্রকাশ কৰা বিবৃতি অনুসৰি বিএমচিয়ে সাৱধানতা অৱলম্বন কৰি প্রভুকুঞ্জ ছীল কৰি দিছে৷ এইক্ষেত্রত কোনো লোকে শিল্পী তথা পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ কোনো শংকিত হ’ব নালাগে৷ উল্লেখ্য যে ৯০ বছৰীয়া শিল্পী লতা মংগেশকাৰে পৰিয়ালৰ লোকৰ সৈতে প্রভুকুঞ্জত বাস কৰে৷ দক্ষিণ মুম্বাইৰ পেডাৰ ৰোডৰ ছাম্বালা হিলত এই অট্টালিকাটি আছে৷