ক’ভিড প্রট’কল মানি দিল্লীৰ লোধি ৰোড শ্মশানত শেষকৃত্য
পঞ্চভূতত বিলীন অজাত শত্রু প্রণৱ মুখার্জীৰ নশ্বৰদেহ
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ পঞ্চভূতত বিলীন হ’ল প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ নশ্বৰদেহ৷ ভাৰতীয় ৰাজনীতিৰ এক বর্ণিল যুগৰ অৱসান ঘটাই সোমবাৰে পৰলোকগামী হোৱা প্রাক্তন ৰাষ্ট্রপতি ভাৰত ৰত্ন মুখার্জীৰ নশ্বৰদেহত আজি পুত্র অভিজিৎ মুখার্জীয়ে মুখাগ্ণি কৰাৰ লগে লগে অৱসান ঘটিল কায়িকভাৱে প্রয়াত ৰাষ্ট্রপতিগৰাকীৰ স্বর্ণিল অধ্যায়ৰ৷ ক’ভিড–১৯ৰ নির্দেশনা অনুসাৰে প্রাক্তন ৰাষ্ট্রপতিগৰাকীক পি পি ই কিট পিন্ধি পৰিয়ালৰ লোকে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই সেনাই গার্ড অৱ অনাৰ আৰু গানছ্যেলুটেৰে অন্তিম শ্রদ্ধা জ্ঞাপন কৰে৷ সম্পূর্ণ ৰাষ্ট্রীয় মর্যাদাৰে নতুন দিল্লীৰ লোধি ৰোড শ্মশানত দেশৰ ৰাজনীতিত ‘অজাত শত্রু’ ৰূপে পৰিচিত বিচক্ষণ নেতা তীক্ষ্ণ মেধাসম্পন্ন মুখার্জীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ ক’ভিড–১৯ প্রট’কল অনুসাৰে নতুন দিল্লীৰ লোধি ৰোড বৈদ্যুতিক শ্মশানত দিনৰ ২.০১ বজাত পুত্রই মুখাগ্ণি কৰাৰ লগে লগে পঞ্চভূতত বিলীন হ’ল প্রাক্তন ৰাষ্ট্রপতিৰ নশ্বৰদেহ৷ লোধি শ্মশানত অন্ত্যেষ্টিক্রিয়াৰ পূর্বে প্রয়াত ৰাষ্ট্রপতিগৰাকীৰ বাসভৱনত অন্তিম শ্রদ্ধাঞ্জলি পর্বৰ সামৰণি মৰা হয়৷ দেশবাসীক ম্রিয়মাণ কৰি কালি সন্ধিয়া নতুন দিল্লীৰ সেনাৰ ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতালত দেহাৱসান ঘটা প্রাক্তন ৰাষ্ট্রপতি মুখার্জীৰ নশ্বৰদেহ মঙলবাৰে পুৱা ১০ ৰাজাজি মার্গস্থিত বাসভৱনলৈ অনাৰ পাছত পুৱাৰে পৰা দেশৰ ৰাষ্ট্রপতি, উপ–ৰাষ্ট্রপতি, প্রধানমন্ত্রীকে ধৰি বিভিন্ন ৰাজনীতিকে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ চিকিৎসালয়ত ভর্তি হোৱাৰ সময়ত ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রপতিগৰাকীৰ নশ্বৰদেহৰ সলনি ফটোত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ পুৱা ৯.৩৯ বজাত চিডিএছ জেনেৰেল বিপিন ৰাৱট, স্থলসেনা বাহিনীৰ মুৰব্বী এম এম নাৰৱানে, বায়ুসেনাৰ মুৰব্বী মার্শ্বাল আৰ কে এছ ভাদউৰিয়া, নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ পাছত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রয়াত বিচক্ষণ ৰাজনীতিক মুখার্জীক অন্তিম শ্রদ্ধা জনায়৷ ইয়াৰ পাছতেই ১০.০১ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রয়াত প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ বাসগৃহত উপস্থিত হৈ ফটোত পুষ্পাঞ্জলিৰে শ্রদ্ধাঞ্জলি জনাই প্রণাম কৰে৷ শ্রদ্ধাঞ্জলি জনোৱাৰ পাছত প্রধানমন্ত্রী মোদীয়ে প্রয়াত মুখার্জীৰ পুত্র আৰু পৰিয়ালৰ লোকৰ সৈতে বার্তালাপ কৰে৷ প্রধানমন্ত্রীৰ পাছত উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডু, আৰ এছ এছ মুৰব্বী মোহন ভাগৱত, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধন, কংগ্রেছ নেতা অধীৰৰঞ্জন চৌধুৰী, চিপিআই নেতা ডি ৰাজা, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল, প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিং, কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধী, ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ, কংগ্রেছ নেতা গোলাম নবী আজাদ, বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই প্রয়াত নেতাগৰাকীক অন্তিম শ্রদ্ধা জ্ঞাপন কৰে৷ বাসগৃহত শ্রদ্ধাঞ্জলি পর্ব সামৰণি পৰাৰ পাছত দিনৰ ১ বজাত ৰাষ্ট্রপতিগৰাকীৰ নশ্বৰদেহ বাসগৃহৰ পৰা লোধি ৰোড বৈদ্যুতিক শ্মশানলৈ নিয়া হয়৷ প্রায় ডেৰ বজাত লোধি ৰোড শ্মশানত ৰাষ্ট্রপতিগৰাকীৰ নশ্বৰদেহ উপস্থিত হোৱাৰ পাছতেই ৰাষ্ট্রীয় মর্যাদা প্রদান কৰা হয়৷ উল্লেখ্য যে প্রাক্তন ৰাষ্ট্রপতিৰ নশ্বৰদেহ গান কেৰিজত অনা হয় যদিও প্রয়াত মুখার্জীৰ নশ্বৰদেহ ভানত শ্মশানলৈ নিয়া হয়৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ বিষয়াই প্রকাশ কৰা মতে ক’ভিড–১৯ সম্পর্কীয় প্রট’কল আৰু সামাজিক দূৰত্ব বর্তাই ৰখাৰ প্রয়োজনীয়তাৰ কাৰণে প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ নশ্বৰদেহ ভানত কঢ়িওৱা হয়৷ তদুপৰি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে জাৰি কৰা ক’ভিড–১৯ৰ প্রট’কল আৰু নির্দেশনাক অনুকৰণ কৰিয়েই প্রয়াত ৰাষ্ট্রপতিগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয় বুলি উল্লেখ কৰে প্রতিৰক্ষা মন্ত্রালয়ে৷