ইনষ্টাগ্ৰামত সুশান্ত হ’ল ‘মেমোৰলাইজড’, মৃত্যুৰ পিছত ফলোৱাৰৰ ভিৰ
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ এতিয়া তেওঁ কায়াহীন। কিন্তু ভাৰ্চুৱেল জগতত ভীষণ ৰূপত চৰ্চিত। দেওবাৰৰ মৃত্যুৰ দিন ধৰি আজিলৈ চলি আছে চৰ্চা। ছ’চিয়েল মিডিয়া ভৰি পৰিছে তেওঁৰ ফ্যেনৰ মন্তব্যৰে। ইয়াৰ মাজতে অভিনেতা সুশান্ত সিং ৰাজপুতৰ ইনষ্টাগ্ৰাম একাউণ্টতো দেখা গৈছে ‘ফলোৱাৰ’ৰ ভিৰ।
দেওবাৰে মৃত্যুৰ সময়লৈ ইনষ্টা একাউণ্টৰ ফলোৱাৰ আছিল ৯ নিযুত, কিন্তু শুকুৰবাৰৰ দুপৰীয়ালৈ ফলোৱাৰৰ সংখ্যা বাঢ়িল ১২ নিযুতলৈ। লকডাউনৰ সময়ছোৱাত সুশান্ত ইনষ্টাগ্ৰামত অলপ ব্যস্ত আছিল, বিভিন্ন পোষ্ট দি আছিল। কেইদিনমান আগলৈ মাকক স্মৰণ কৰি মাতৃৰে থকা তেওঁৰ ফটোও পোষ্ট কৰিছিল।
ইয়াৰ মাজতে ছ’চিয়েল নেটৱৰ্কি ছাইট ইনষ্টাগ্ৰামত তেওঁৰ একাউণ্টটো ‘মেমোৰলাইজড’ শিতানত ৰখা হ’ল। লগতে লিখা থাকিল- ‘ৰিমেম্বাৰিং’। এই শিতানত থোৱা মানে কাৰোবাৰ মৃত্যু হ’লে তেওঁৰ স্মৃতিক সাৱধানতাৰে সঞ্চিত কৰি ৰখা।
আনহাতে সুশান্তৰ সৈতে কাম কৰা বন্ধু-বৰ্গই তেওঁক স্মৰণ কৰাৰ বাবে selfmusing নামৰ এটা ৱেৱছাইট খুলিছে, য’ত সুশান্তৰ বিষয়ে প্ৰায়ভাগ বিষয়বস্তুকে সংৰক্ষণ কৰি ৰখা হ’ব।