“ভাৰতৰ ১০ শতাংশৰো কম পুৰুষেহে ঘৰুৱা কামত মহিলাসকলক সহায় কৰে!”-সমীক্ষা
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ চাকৰি, অফিছ, দোকান, বজাৰ আদি বাহিৰৰ কামসমূহ পূৰ্বৰে পৰা পুৰুষসকলে কৰা দেখা যায়(বৰ্তমান পুৰুষ-মহিলা উভয়ে কৰে)। সমান্তৰালকৈ ৰন্ধাবহা, বাচন ধোৱা, ঘৰ পৰিষ্কাৰৰ দৰে ঘৰৰ ভিতৰুৱা ইত্যাদি যাৱতীয় কামবোৰ অলিখিত ভাবেই মহিলাসকলে কৰা দেখা যায়।
বর্তমান চাকৰি-বাকৰি, দোকান-পোহাৰ, বজাৰ আদি সকলো কাম পুৰুষৰ সমানে মহিলাসকলে অংশগ্রহণ কৰিলেও ঘৰৰ কোনো কামতে এতিয়াও হাত নলগাই অধিকাংশ পুৰুষে।
সাম্প্রতিক এক সমীক্ষাৰ ৰিপোর্টত দাবী কৰা হৈছে ভাৰতৰ ১০ শতাংশৰো কম পুৰুষে ঘৰৰ ভিতৰৰ কামসমূহত হাত লগায় বা মহিলাসকলক সহায় কৰে!
এই সমীক্ষা অনুযায়ী, দেশৰ ৮৪ শতাংশ মহিলাই গোটেই দিন এনে কিছু পৰিশ্রম কৰে, যাৰ বাবে তেওঁলোকে কোনো বেতন নাপায়।
দেশৰ পুৰুষসকলৰ ক্ষেত্রত এই বিষয়টো সম্পূর্ণ বিপৰীত! এই সমীক্ষা অনুযায়ী, দেশৰ ৮০ শতাংশ পুৰুষ গোটেই দিন যি কাম কৰে তাৰ বাবে তেওঁলোকে বেতন বা পাৰিশ্রমিক পায়। অর্থাৎ, দেশৰ ৮০ শতাংশ পুৰুষৰ দৈনিক পৰিশ্রম বেতন ভিত্তিক। বিপৰীতে দেশৰ ৮৪ শতাংশ মহিলা বিনা পাৰিশ্রমিকে গোটেই দিন নানা পৰিশ্রমসাধ্য কামত নিযুক্ত থাকে।