ভাৰত–পাকিস্তান প্রকৃতার্থত বন্ধু ৰাষ্ট্র হওকঃ মালালা ইউছুফজাই
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ন’বেল শান্তি বঁটা বিজয়ী ২৩ বছৰীয়া পাকিস্তানী যুৱতী মালালা ইউছুফজায়ে কালি উল্লেখ কৰিছে যে বিশ্বৰ প্রতিখন দেশৰ চৰকাৰে সংখ্যালঘু লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰা উচিত৷
পাকিস্তানেই হওক বা ভাৰতেই হওক সংখ্যালঘু লোকসকলৰ ওপৰত প্রতিখন দেশতে শোষণ চলি থকা বুলি মন্তব্য কৰিছে মালালাই৷ ভাৰত–পাকিস্তানৰ জনসাধাৰণে শান্তিৰে জীৱন যাপন কৰিব বিচাৰে বুলিও মালালাই উল্লেখ কৰে৷
ভাৰত আৰু পাকিস্তান প্রকৃতার্থত ভাল বন্ধুত পৰিণত হ’ব বুলি সদায় নিজৰ বুকুত এক সপোন পুহি ৰখা বুলিও মালালাই মন্তব্য কৰিছে৷
২০১২ চনত তালিবানৰ আক্রমণৰ পৰা কথমপি প্রাণ ৰক্ষা পৰা মালালাই দীর্ঘদিন ধৰি নাৰী শিক্ষাক লৈ সজাগতা সৃষ্টি কৰি আহিছে৷
শেহতীয়াকৈ ভাৰতত শান্তিপূর্ণভাৱে চলা প্রতিবাদৰ সময়ত ইণ্টাৰনেট বন্ধ কৰি দিয়া ঘটনা দুঃচিন্তাৰ কাৰণ বুলিও অভিহিত কৰিছে মালালা ইউছুফজায়ে৷