লকডাউন ৩.০- গ্ৰীন জ’ন আৰু অৰেঞ্জ জ’ন খোলাত থাকিব চেলুন আৰু বিউটি পাৰ্লাৰ
নিয়মীয়া বাৰ্তা ২ মেঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি স্পষ্ট কৰিছে যে অহা ৪ মে ৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লকডাউনত গ্ৰীন আৰু অ’ৰেঞ্জ জ’নত চেলুন আৰু বিউটি পাৰ্লাৰ খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও ই-কমাৰ্চ কোম্পানীসমূহে এই জন সমূহত ব্যৱসায় কৰিব পাৰিব।
উল্লেখ্য যে গৃহমন্ত্ৰালয়ে শুকুৰবাৰে লকডাউন দুই সপ্তাহলৈ বৃদ্ধি কৰিছে। অহা ১৭ মে লৈকে সমগ্ৰ দেশতে লকডাউন অব্যাহত থাকিব।