নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন নমনাৰ বাবেই দিল্লী–মুম্বাইত বৃদ্ধি সংক্রমণ

নিয়মীয়া বাৰ্তা ৫ মেঃ দিল্লী আৰু মুম্বাইৰ দৰে মহানগৰীত ন’ভেল ক’ৰোনা ভাইৰাছ সংক্রমণ আৰু আক্রান্তৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ মূলতে হ’ল লকডাউন সঠিকভাৱে পালন নকৰা৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষ বর্ধনে এই মন্তব্য কৰিছে৷ ‘মই অনুভৱ কৰোঁ এই মেট্র’ চিটীৰ বাসিন্দাসকলে লকডাউনৰ নিয়ম–কানুন সঠিকভাৱে পালন কৰা নাই৷ গ্রামাঞ্চলৰ লোকসকলে চহৰৰ লোকসকলতকৈ অধিক দায়িত্ব আৰু দায়বদ্ধতা প্রদর্শন কৰিছে৷’ –স্বাস্থ্যমন্ত্রীজনে এইদৰে কয়৷ উল্লেখ্য যে দেশৰ মুঠ ২০ শতাংশ ক’ৰোনা ভাইৰাছ সংক্রমণৰ ঘটনা কেৱল মুম্বাইতে দেখিবলৈ পোৱা গৈছে৷ দেশৰ অর্থনৈতিক ৰাজধানীখনত ৮ হাজাৰতকৈও অধিক লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে আৰু মৃতকৰ সংখ্যা প্রায় ৩৫০জন৷ আনহাতে, দিল্লীতো ৪ হাজাৰ ৫০০ কেছ পোৱা গৈছে৷ দেওবাৰে এদিনতে সংক্রমিত হৈছিল ৪২৭জন লোক৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রীজনে কয়– আমি প্রতিদিনে ১ লাখতকৈও অধিক লোকক ক’ৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছোঁ৷ কোনো লোকৰ শৰীৰত এনে লক্ষণ দেখা দিলেই পৰীক্ষা কৰা হৈছে৷
সংক্রমিতক চিনাক্তত ব্যর্থতা–কম টেষ্টৰ বাবেই পশ্চিমবংগত মৃত্যুৰ হাৰ সর্বাধিকঃমুখ্য সচিবলৈ কেন্দ্রৰ পত্র
ক’ৰোনাত মৃত্যুৰ হাৰ দেশৰ বিভিন্ন ৰাজ্যৰ ভিতৰতেই সর্বাধিক পশ্চিমবংগত৷ এই পৰিসংখ্যাই ইংগিত দিছে যে ৰাজ্যত কমসংখ্যক নমুনা পৰীক্ষা কৰা হৈছে৷ সংক্রমিতক চিনাক্ত কৰাতো চৰকাৰ ব্যর্থ হৈছে৷ দুসপ্তাহ কলকাতাত থকাৰ পাছত দিল্লীলৈ ঘূৰি যোৱাৰ পূর্বে ৰাজ্যখনৰ মুখ্য সচিবক পত্রযোগে এই কথা জানিবলৈ দিছে কেন্দ্রই প্রেৰণ কৰা পর্যবেক্ষকৰ দলে৷ সোমবাৰে মুখ্য সচিবলৈ পঠিওৱা পত্রত পর্যবেক্ষকৰ দলটোৱে চূড়ান্ত পর্যবেক্ষণৰ একাধিক তথ্য উল্লেখ কৰিছে কলকাতাসহ চাৰিখন জিলা পর্যবেক্ষণ কৰা কেন্দ্রীয় দলটোক নেতৃত্ব দিয়া অপূর্ব চন্দ্রই৷ পত্রখনৰ পৰা এটাই ইংগিত স্পষ্ট হ’ল যে ক’ৰোনাৰ প্রসংগত ৰাজ্যখনৰ বিৰুদ্ধে কঠোৰ প্রতিবেদন দিব কেন্দ্রীয় দলটোৱে৷ এই পত্রৰ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বহু ক্ষেত্রত অসহযোগিতাৰ অভিযোগো তুলি ধৰা হৈছে৷ উল্লেখ্য যে পশ্চিমবংগত ক’ভিড–১৯ত মৃত্যুৰ হাৰ ১২.৮ শতাংশ, যিটো দেশৰ ভিতৰতে সর্বাধিক৷ উল্লেখ্য যে কেন্দ্রীয় দলটোৱে ৰাজ্যখনত ক’ভিড–১৯ সংক্রমণ সন্দর্ভত চূড়ান্ত প্রতিবেদন কেন্দ্রীয় গৃহ মন্ত্রালয়ক জমা দিব৷

You might also like