নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইসমূহ ৰাজ্যত ৩০ জুনৰ আগলৈ হ’ব লকডাউন, পঢ়ক এতিয়াই

নিয়মীয়া বাৰ্তা, ২৮ জুন: যিসময়ত সমগ্ৰ দেশেই আনলক ২.০ ক লৈ প্ৰস্তুত হৈছে, থিক তেনে সময়তে দেশৰ কেইখন মান ৰাজ্যত এতিয়া সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে । বিগত এসপ্তাহত দেশত ১ লাখতকৈ অধিক নতুনকৈ ক’ৰোনাত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে । যাৰ বাবে কিছু ৰাজ্যত বৰ্ধিত ক’ৰোনাৰ ঘটনাক প্ৰতিৰোধৰ বাবে সেই ৰাজ্যসমূহৰ ৰাজ্য চৰকাৰে লকডাউন ঘোষণা কৰিছে ।

ক’ভিড ১৯ ৰ ঘটনা দ্ৰূত গতিত বৃদ্ধি পোৱাৰ বাবে শুকুৰবাৰৰ পৰা আমাৰ ৰাজ্য অসমতো ১২ ঘণ্টীয়া কাৰ্ফিউ দিয়া হৈছে । লগতে ৰাজ্যখনৰ গুৱাহাটী মহানগৰীত পুনৰ সম্পূৰ্ণ ১৪ দিনৰ বাবে দেওবাৰে ২৮ জুনৰ নিশাৰ পৰা ১২ জুলাইলৈকে লকডাউন ঘোষণা কৰা হৈছে । ইয়াৰোপৰি ৰাজ্যখনৰ আন আন জিলাসমূহত প্ৰত্যেক শনি আৰু দেওবাৰে লকডাউনৰ কথাও ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ।

ইয়াৰোপৰি হায়দৰাবাদৰ বেগম বজাৰ অঞ্চলটো দেওবাৰৰে পৰা ৮ দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে ।

দিল্লীত ক’ভিড ১৯ ৰ সংহাৰী ৰূপৰ বাবে ৩১ জুলাই লৈকে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে ।

ইপিনে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৩১ জুলাইলৈকে ৰাজ্যখনত নিশা ১০ বজাৰ পৰা ৫ বজালৈকে কাৰ্ফিউ ঘোষণা কৰে ।

ইফালে তামিলনাডুৰ ৰাজধানী চেন্নাই ১৯ জুনৰ পৰা ১২ দিনীয়া লকডাউনত আছে ।

You might also like