নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই–পুনে, হটস্পটত ৩১ মে’লৈ বৃদ্ধি লকডাউন

মহাৰাষ্ট্রত এম্বুলেঞ্চত সুৰাৰ সৰবৰাহঃ ১৫জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৬ মেঃ দেশৰ ভিতৰতে ক’ৰোনা ভাইৰাছত সর্বাধিক আক্রান্ত মহাৰাষ্ট্রৰ বিভিন্ন স্থানত লকডাউন ৩১ মে’লৈ বৃদ্ধি কৰা হৈছে৷ উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্র চৰকাৰে মুম্বাই মেট্র’পলিটান অঞ্চল, পুনে, মালেগাঁও, ঔৰংগাবাদ আৰু ছোলাপুৰৰ হটস্পটত অহা ৩১ মে’লৈ লকডাউন বৃদ্ধিৰ সিদ্ধান্ত লয়৷ কেন্দ্রীয় চৰকাৰৰ গাইডলাইন মতে ১৭ মে’ত তৃতীয় পর্যায়ৰ লকডাউনৰ অন্ত পৰিব৷ কিন্তু মুম্বাইৰ লগতে ক’ৰোনাত সর্বাধিক আক্রান্ত অঞ্চলসমূহত মহামাৰীৰ সংক্রমণ ৰোধ কৰাৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে মিউনিছিপাল কমিছনাৰ আই এছ ছাহালে৷ উল্লেখ্য যে বৃহস্পতিবাৰে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই ক’ৰোনা ভাইৰাছ হটস্পটসমূহত লকডাউন বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে৷ ইফালে লকডাউনৰ বাবে মহাৰাষ্ট্রত সুৰাৰ বিপণীসমূহ বন্ধ হৈ থকাৰ সময়তে পালঘৰ জিলাত এম্বুলেঞ্চৰ সহায়েৰে ৫ লাখ টকাৰ সুৰা গোপনে সৰবৰাহ কৰোঁতেই ধৰা পেলায় আৰক্ষীয়ে৷ ৰাজ্যখনত বিভিন্ন অঞ্চলত পাঁচখন বিভিন্ন বাহনত এনেদৰে গোপনে সুৰা সৰবৰাহ ধৰা পেলাই আৰক্ষীয়ে গাড়ীসমূহ জব্দ কৰাৰ লগতে ঘটনা সন্দর্ভত ১৫জনকৈ লোকক গ্রেপ্তাৰ কৰিছে৷ এই সন্দর্ভত ভিহাৰ, ভালিভ, মাণিকপুৰ আৰু তুলিঞ্জ আৰক্ষী থানাত গোচৰো ৰুজু কৰা হৈছে৷

You might also like