নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাত ৰেহাই! গ্ৰাহকৰ দীঘলীয়া শাৰী

দিল্লীৰ বহু এলেকাত সুৰাৰ দোকানত শনিবাৰে গ্ৰাহকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়। দিল্লীৰ জাহাংগীৰপুৰ, শ্বাহদাৰা আৰু ময়ুৰ বিহাৰ সহিত কিছুমান এলেকাত সুৰাৰ দোকানৰ নিৰ্দিষ্ট সুৰা কিছুমানত ৩৫ শতাংশ ৰেহাই দিয়া হৈছিল। এই খবৰ লাভ কৰা মাত্ৰকে দোকানবোৰত গ্ৰাহকে দীঘলীয়া শাৰী পাতে। জানিব পৰা মতে, সুৰাৰ বিপনীসমূহে মাৰ্চৰ শেষলৈ সকলো ষ্টক শেষ কৰিব লাগিব। কিয়নো নতুন বিত্ত বৰ্ষত অনুজ্ঞাপত্ৰ নবীকৰণ হ’ব।

You might also like