নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে বিনিয়োগকাৰীৰ লোকচান ৪.৫৮ লাখ কোটি টকা

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ  দেশত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি আৰু লাডাখৰ এল এ চিত চীনৰ সৈতে উত্তেজনা চলি থকাৰ পৰিপ্রেক্ষিততে শ্বেয়াৰ বজাৰত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে৷ কার্যতঃ বিএছই ছেনছেক্স আৰু নিফটিৰ বজাৰত অঘটন ঘটিছে৷ বিএছই ছেনছেক্সৰ ৮১১.৬৮ পইণ্ট নিম্নগামী হৈ বজাৰ সামৰণি পৰিছে ৩৮,০৩৪ত৷ তেনেদৰে নিফটিৰ ২৮২.৭৫ পইণ্ট নিম্নগামী হৈ ১১,২২২.২০ত বজাৰ সামৰণি পৰে৷ আজিৰ দিনটোত বিএছই ছেনছেক্স ২.০৯ শতাংশ আৰু নিফটি ২.৪৬ শতাংশ নিম্নগামী হৈছে৷ আনপিনে আজিৰ দিনটোতে বিনিয়োগকাৰীয়ে ৪.৫৮ লাখ কোটি টকা হেৰুৱাবলগীয়া হৈছে৷ ইউৰোপৰ কেইবাখনো দেশত ক’ভিড–১৯ৰ সংক্রমণৰ শংকাত পুনৰ লকডাউন বলৱৎ কৰাৰ বাবে আন্তর্জাতিক শ্বেয়াৰ বজাৰ নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিততে ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে ৪.৫৮ লাখ কোটি টকা হেৰুৱায়৷ উল্লেখ্য যে বিএছই ছেনছেক্সৰ সর্বাধিক লোকচানৰ সমুখীন হৈছে ৮.৬৮ শতাংশৰে ইণ্ডাছইণ্ড বেংক, ইয়াৰ পিছতে আছে ভাৰতী এয়াৰটেল, টাটা ষ্টীল, আইচিআইচিআই বেংক, এম এণ্ড এল, মাৰুতি, এক্সিছ বেংক আৰু বাজাজ ফাইনেঞ্চ৷ বজাৰৰ সামৰণিত মাত্র তিনিটা কোম্পানীৰ সূচাংকহে উন্নীত হয়৷ ০.৮৬ শতাংশ উন্নীতৰে সেউজ তালিকাত থাকে কোটাক বেংক, ইনফ’ছিছ আৰু টিচিএছ৷ দেশত শ্বেয়াৰ বজাৰ নিম্নগামী হ’লেও প্রতি আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ ৭ পইচা শক্তিশালী হয়৷ আজি প্রতি আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৭৩.৩৮ টকা৷ মন কৰিবলগীয়া যে ভাৰতৰ লগতে এছিয়া মহাদেশৰ ছাংহাই, হংকং আৰু ছিউলৰ শ্বেয়াৰ মার্কেটো নিম্নগামী হৈছে৷

You might also like