নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ পূব লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত চীনা সেনাৰ সংখ্যা বৃদ্ধি কৰিছে৷ চীনৰ এই গতিবিধিক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে সেনাৰ মুৰব্বী জেনেৰেল এমএম নাৰাৱনে৷ চীনৰ সেনাৰ গতিবিধিৰ ওপৰত সূক্ষ্ম নিৰীক্ষণ ৰখাৰ লগতে চুবুৰীয়া ৰাষ্ট্রখনৰ সেনাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ভাৰতীয় সেনা৷
ইতিমধ্যে সেনাই এম–৭৭৭ কামান আৰু কে–৯ বজ্র হাউটজাৰ কামান সীমান্তত মোতায়েন কৰিছে৷ সেনাই মোতায়েন কৰা এই কামানৰ জৰিয়তে শত্রুপক্ষক ৫০ কিলোমিটাৰ নিলগত আক্রমণ কৰিব পাৰে৷ সেনাৰ মুৰব্বী নাৰাৱনে প্রকাশ কৰা মতে এই কামান পাহাৰৰ উচ্চ শিখৰতো সক্রিয় হৈ থাকি সেনাৰ সৈতে যুঁজাৰ সক্ষমতা থাকে৷
উল্লেখ্য যে বিগত বর্ষৰ মে’ মাহৰ পৰা লাডাখৰ এলএচিত দুই দেশৰ সেনাৰ মাজত উত্তেজনা অব্যাহত আছে৷ সামৰিক বাহিনী কমাণ্ডাৰ পর্যায়ৰ কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ লগতে কূটনৈতিক পর্যায়তো সীমাৰ উত্তেজনা হ্রাস কৰাৰ বাবে প্রয়াস চলি আছে৷ কিন্তু এই উত্তেজনা সম্পূর্ণৰূপে এতিয়াও হ্রাস পোৱা নাই৷
আগ্রাসী চীনে ভাৰতৰ প্রতি ভাবুকি কঢ়িয়াই সীমান্তৰ সমীপত সামৰিক বাহিনীৰ বাবে আন্তঃগাঁথনি নির্মাণ কৰি থকাই নহয়, সেনাৰ সংখ্যাও বৃদ্ধি কৰিছে৷ চুবুৰীয়া ৰাষ্ট্রখনৰ এই গতিবিধিৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় সেনা সম্পূর্ণ সষ্টম হৈ আছে৷ তাৎপর্যপূর্ণ যে পূব লাডাখৰ এলএচিৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্রদেশৰ সীমান্ততো চীনে দেশৰ সেনাৰ সংখ্যা বৃদ্ধি কৰিছে৷