মহাভাৰতৰ ‘ভীম’ৰ মৃত্যু
বিশেষ বাৰ্তা, ৮ফেব্ৰুৱাৰীঃ দুৰদৰ্শনৰ এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ‘মহাভৰত’ত ভীমৰ চৰিত্ৰ ৰূপায়ণ কৰা প্ৰৱীণ কুমাৰ ছোৱতীৰ ৭৪ বছৰ বয়সত মৃত্য়ু ঘটে। তেওঁ দীৰ্ঘ সময়ৰ পৰা বেমাৰত ভূগি আছিল। এইগৰাকী অভিনেতাই বহু ছবিত আকৰ্ষণীয় অভিনয়েৰে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছিল। মহাভাৰতত ‘ভীম’ৰ চৰিত্ৰটোত তেওঁৰ অভিনয় সকলোৱে খুব পছন্দ কৰিছিল। অভিনয়লৈ অহাৰ পূৰ্বে তেওঁ এগৰাকী এথেলীট আছিল। তেওঁক অৰ্জুন সন্মানেৰে পুৰষ্কৃত কৰা হৈছিল।