নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ পদত্যাগ, চিবিআই তদন্তৰ নিৰ্দেশ বোম্বে হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে আজি গৃহমন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰে। মুম্বাইৰ পূৰ্বৰ পুলিচ কমিছনাৰ পৰমবীৰ সিঙে অনিল দেশমুখে ১০০ কোটি টকা আদায় কৰাৰ বাবে নিৰ্দেশ দিছিল বুলি চিঠীযোগে অভিযোগ উত্থাপন কৰিছিল তেওঁৰ বিৰুদ্ধে। ইয়াৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনীতিকগৰাকী বিভিন্নজনৰ লক্ষ্য হৈ পৰিছিল।

আজি বোম্বে হাইক’ৰ্টেও তেওঁৰ বিৰুদ্ধে চিবিআই তদন্তত সন্মতি প্ৰদান কৰাৰ পিছত অনিল দেশমুখে পদত্যাগ কৰে। উল্লেখ্য, মুকেশ আম্বানিৰ বাসভৱন এণ্টিলাৰ কাষত ৰখা গাড়ীবোমাৰ ঘটনাতো অনিল দেশমুখৰ হাত আছে বুলি চৰ্চা হৈছে। কিয়নো এই ঘটনাত অভিয়ুক্ত শচীন ৱাজে অনিল দেশমুখৰ ঘনিষ্ঠ আছিল।

এতিয়া বোম্বে হাইক’ৰ্টে ১৫ দিনৰ ভিতৰত অনিল দেশমুখৰ ১০০ কোটি টকা আদায়ক লৈ তদন্ত চলাই চিবিআইক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। তথ্য অনুসৰি, অনিল দেশমুখৰ ঠাইত গৃহমন্ত্ৰী ৰূপে দিলীপ পাটিলক দায়িত্বভাৰ দিয়াৰ সম্ভাৱনা আছে।

You might also like